নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধান কৰাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে দুমাহ পূৰ্বে মেঘালয়ৰ ৰাজধানী শ্বিলঙত দুয়ো ৰাজ্যৰ চৰকাৰৰ শীৰ্ষ প্ৰতিনিধিৰে দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। এই আলোচনাৰ সিদ্ধান্ত অনুসৰি চৰজমিন তদন্ত কৰাৰ উদ্দেশ্যে মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ খান্ধুলীত উপস্থিত হয়। উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত ৬টাকৈ সীমান্তৰ চকী আছে যদিও বৰ্তমানলৈকেও সীমান্তবাসী সুৰক্ষিত হৈ নথকাৰ কথা উল্লেখ কৰি স্থানীয় সচেতন মহলে কয় যে কান্ধুলী, আৰ্টিং মুকৈৰাম, খাছখাচলা, উমৰো, চাবুডা বিঅপিৰ সীমান্তৱৰ্তী অঞ্চলত দুয়োখন ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ নহলে কোনো কাৰণত অসম মেঘালয় সীমান্তৰ সমস্যা সমাধান কৰিব নোৱাৰিব৷ আজিৰ অসম মেঘালয় সীমান্তত অসমৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই ভ্ৰমন কৰি প্ৰথমে মেঘালয়ৰ চৰকাৰৰ হৈতে আলোচনাত মিলিত হৈ পিছত অসম মেঘালয় সীমান্তৰ কান্ধুলি বিঅপি’ৰ প্ৰাঙ্গণত অসম মেঘালয়ৰ উচ্চপদস্থ বিষয়াৰ লগতে স্থানীয় জনপ্ৰতিনিধি আৰু সংগঠনসমূহৰ সৈতে সমস্যা সমাধানৰ ক্ষেত্ৰত আলোচনাত বহে৷ আলোচনাৰ অন্তত কেন্দ্ৰীয় চৰকাৰ আৰু দুয়োখন ৰাজ্য চৰকাৰেহে সিদ্ধান্ত লব পাৰিব বুলি মত পোষণ কৰে স্থানীয় সচেতন মহলে ৷
প্ৰেৰক হেমন্ত কুমাৰ নাথ