দুৰাৰোগ্য ৰোগত আক্ৰান্ত জাজৰিৰ কিশোৰী মেহনাজ
নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ : মৰিগাঁও জিলাৰ জাজৰি কমলাপট্টিৰ এজনী ১৩ বছৰীয়া কিশোৰী। নাম তাইৰম মেহনাজ ছিদ্দিকা আহমেদ। সৌ সিদিনালৈকে পখিলাৰ দৰে চঞ্চল কিশোৰী মেহনাজে পঢ়া-লিখাৰ বাহিৰেও নাচ-গান কৰি পৰিয়ালৰ লগতে সকলোকে মোহিত কৰিছিল। কিন্তু আকস্মিকভাৱেই তাইৰ জীৱনলৈ আহিল ঘোৰ অমানিশাৰ আন্ধাৰ। মৰিগাঁও জিলাৰ জাজৰি কমলাপট্টিৰ গাড়ী চালক মহিবুল্লাহ হুছেইন আৰু মাতৃ আনোৱাৰা বেগমৰ একমাত্র সন্তান মেহনাজ ছিদ্দিকা আলম। পিতৃয়ে ব্যক্তিগত প্ৰতিস্থান এটাত গাড়ী চালক হিচাবে কাম কৰি দুবেলা দুমুঠি জোগাৰ কৰি সাধাৰণ ভাৱে পৰিয়ালটি পোহ পাল দিছিল। তেনেই দুখিয়া পৰিয়ালটোৰ কন্যা মেহনাজ ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই যোৱা বৰ্ষৰ অক্টোৱৰ মাহত আকস্মিকভাৱে ৰোগাক্ৰান্ত হয়। দুখীয়া পিতৃ-মাতৃয়ে মেহনাজক কম দিনৰ ভিতৰতে নগাঁও, ডিব্ৰুগড়, গুৱাহাটীৰ চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰি একো সুফল নাপাই নিৰুপাই হৈ পৰিছে। উন্নত চিকিৎসাৰ অভাৱত ফুল কুমলীয়া ছোৱালীজনী দিনক দিনে ৰোগৰ মাত্রা বাঢ়িহে যাব ধৰিছে। উপযুক্ত চিকিৎসাৰ অভাৱত বৰ্তমান মেহনাজে কথা কব নোৱাৰে, ভালদৰে খোজ কাৰ্ঢ়িব নোৱাৰে, খাৱ নোৱাৰা অৱস্থা। টকা পইচাৰ অভাৱত পিতৃ-মাতৃৰ লগতে পৰিয়ালটো সৰ্বহাৰা হৈ পৰিছে। উপায়ান্তৰ হৈ মেহনাজৰ মাতৃয়ে ৰাজ্যৰ মূখ্যমন্ত্রীক কাতৰ আহ্বান জনাইছে কিশোৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে। লগতে কোনো সুহৃদয় ব্যক্তিৰ পৰাও সহায় বিছাৰিছে। A/C no. 1347201700027714, IFSC. PUNB034720
প্ৰেৰক মাণিক বৰা