নিয়মীয়া বাৰ্তা, ১৪ জুলাই : সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ (আগছু ) ৰঙাপৰা আঞ্চলিক সমিতিৰ এটা স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে গোৰ্খা উন্নয়ন পৰিষদক স্মাৰক-পত্ৰ প্ৰদান কৰিছে সংগঠনটোৱে । জানিবলৈ দিয়া অনুসৰি, কালি লোক্ৰাৰ এক অনুষ্ঠানত উপস্থিত হোৱা গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙক সাক্ষাৎ কৰি আগছুৰ ৰঙাপৰা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে আঞ্চলিক সমিতিৰ এটা স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে দাবী জনাই আঞ্চলিক সমিতিৰ সভাপতি সঞ্জয় লিম্বু আৰু সম্পাদক অভিনাশ ছেত্ৰী স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ দাখিল কৰে ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম