নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেজেএম-এনএইচএমৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰঃ উমৈহতীয়া লক্ষ্যৰে আগবাঢ়ি যাবলৈ বিভাগসমূহৰ মাজত সমন্বয় সৃষ্টিৰ উদ্দেশ্যৰে গ্ৰহণ কৰাৰ বাবে আজি জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। উক্ত সভা সভাপতিত্ব কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয় প্রেক্ষাগৃহ খানাপাৰাত অনুষ্ঠিত এই বুজাবুজিৰ চুক্তিৰ লক্ষ্য হৈছে সুৰক্ষিত পানী আৰু সুস্বাস্থ্যৰ মাজৰ সম্পৰ্ক সম্বন্ধে সজাগতাৰ সৃষ্টি কৰা; কিয়নো ইয়াৰ দ্বাৰা পানীজনিত ৰোগ, বিশেষকৈ শিশুৰ অসুস্থতা হ্ৰাস কৰি স্কুলত ‘ড্রপ আউট’ৰ সংখ্যা কম কৰিব পৰা যায়। যিহেতু জল জীৱন মিছন(JJM) আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM)-ৰ মূল লক্ষ্য জনগণক সুস্বাস্থ্য প্রদান কৰা, বিভাগ দুটাৰ মাজত হোৱা এই সহযোগিতাৰ অধীনত, আশা কর্মীসকলে তেওঁলোকৰ ছুপাৰভাইজাৰ, PHED আৰু গাঁও পঞ্চায়তৰ বিষয়াসকলৰ সহযোগত মাহেকীয়া বৈঠকৰ জৰিয়তে সুৰক্ষিত পানী ব্যৱহাৰৰ কৌশল, পানীৰ মানদণ্ড, পানীৰ দ্বাৰা হোৱা ৰোগ আদিৰ বিষয়ে অঞ্চলটোৰ চেমনীয়া ছোৱালীসকলৰ লগতে অন্যান্য পুৰুষ সদস্যসকলক অৱগত কৰাব। সভাত নিজৰ মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী বৰুৱাই কয় যে জল জীৱন মিছন অসম আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে একত্ৰিতভাৱে প্ৰতিটো গ্ৰাম্য পৰিয়ালৰ বাবে সুস্বাস্থ্য নিশ্চিত কৰাৰ বাবে কাম কৰি যাবলৈ দায়ৱদ্ধ। তেওঁ কয় যে “জল জীৱন মিছনে নিজৰ লক্ষ্যৰ কাষ চাপি অহাৰ এই সময়ছোৱাত এন এইচ এমৰ সৈতে লোৱা এই পদক্ষেপ গ্ৰাম্যাঞ্চলৰ জনসাধাৰণৰ সৰ্বাঙ্গীন উন্নতি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আৰু অধিক সহায়ক হ’ব। মন্ত্ৰী বৰুৱাই লগতে উল্লেখ কৰে যে “বিশুদ্ধ পানীৰ প্ৰয়োজনীয়তা সম্বন্ধে অৱগত হোৱাৰ পিছত সকলোৱে FHTC-ৰ গুৰুত্ব উপলব্ধি কৰিব আৰু ফলস্বৰূপে চৰকাৰৰ ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ প্রচেষ্টা ফলৱতী হ’ব।” অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পুৰুষোত্তম দাস যোশী, জেজেএমৰ মিছন সঞ্চালক কৈলাশ কাৰ্তিক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ড° এম. লক্ষ্মীপ্ৰিয়া আদিকে ধৰি আন আন বিভাগীয় বিষয়ববীয়া উপস্থিত থাকে।

#বাৰ্তা ডেস্ক

You might also like