নিয়মীয়া বাৰ্তা, ২১ জুলাই : যোৰহাট বিধানসভা সমষ্টিৰ চৰাইবাহী মৌজাৰ অন্তৰ্গত কঁহাৰ গাঁৱৰ চৰাইবাহী বৰপথাৰলৈ যাতায়াতৰ একমাত্ৰ পথটো বিধ্বস্ত হৈ পৰাত এতিয়া খেতিয়কে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে। বিগত ২০২১-২২ বৰ্ষত এমজি এনৰেগা আঁচনিৰ অধীনত কেৱল মাটিৰে নিৰ্মাণ কৰাত সম্প্ৰতি শালিখেতি বতৰত পথটোৰে ট্ৰেক্টৰ, পাৱাৰটিলাৰ যাব নোৱাৰাত চৰাইবাহী বৰপথাৰৰ বহু কৃষিমাটি ছন পৰি ৰোৱাৰ আশংকাত ভুগিছে কৃষক ৰাইজ। উল্লেখ্য যে বামুণ-কঁহাৰ গড়কাপ্টানী পথৰ সংযোগস্থলীৰ পৰা চৰাইবাহী বৰপথাৰৰ মাজেদি প্ৰৱাহিত লাহিংজান সৰুছৈকটা নৈৰ লৈকে এনৰেগা আঁচনিত মাটিৰে নিৰ্মিত হয় যদিও হাবিতলীয়া প্ৰায় দুশমিটাৰ পথ বোকা-পানীৰে মাজে মাজে তিনি-চাৰি ফুট দ’ গাঁতৰ সৃষ্টি হোৱাত ট্ৰেক্টৰ, পাৱাৰটিলাৰ অহা-যোৱাত ব্যাঘাত জন্মিছে। বিধ্বস্ত পথটোৰে ট্ৰেক্টৰ, পাৱাৰটিলাৰ যাতায়াতৰ বাবে ইটা অথবা বল্ডাৰ দি সাময়িকভাৱে যাতায়াতৰ উপযোগী কৰিবলৈ কৃষক ৰাইজৰ অভিযোগ মৰ্মে সাংবাদিক পবিত্ৰ মহন্ত আৰু কৃষক পুলিন ভূঞাই এখন ৰাজহুৱা স্মাৰক-পত্ৰ যোৰহাট জিলাৰ আয়ুক্তক প্ৰদান কৰে। লগে লগে জিলাৰ আয়ুক্তগৰাকীয়ে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে গড়কাপ্টানী বিভাগক নিৰ্দেশ দিয়ে।
প্ৰেৰক নৱজ্যোতি তামুলী