নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৃশংস হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত কামৰূপৰ আৰক্ষী অধীক্ষকক স্মাৰক-পত্ৰ

নিয়মীয়া বাৰ্তা,  ২৪ আগষ্ট : কামৰূপ জিলাৰ চাংসাৰিস্থিত এইমছত অস্থায়ীভাৱে কৰ্মৰত বকো বিধানসভা সমষ্টিৰ বীৰপাৰা গাঁৱৰ দীনেশ কলিতাৰ পুত্ৰ নিপন কলিতাক যোৱা ২২ আগষ্টত এদল বহিৰাগত অনা-অসমীয়াই পৰিকল্পিতভাৱে হত্যা কৰে। এই ঘটনাত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিয়ে। এই হত্যাকাণ্ডত জড়িত কোনো অপৰাধীয়ে যাতে আইনৰ সুৰুঙা লৈ কোনো কাৰণতে সাৰি যাব নোৱাৰে আৰু এই ঘটনাৰ লগত জড়িত সকলো অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে বৃহস্পতিবাৰে আবেলি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ক এখনি স্মাৰক-পত্ৰ প্ৰদান কৰে। স্মাৰক-পত্ৰ প্ৰদানৰ সময়ত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পংকজ কলিতা, সাংগঠনিক সম্পাদক সুৰজিত কলিতা, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা উপম দাস, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি শালৈ লগতে ছাত্ৰ সন্থাৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like