নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুকুৰমাৰাত সমাজকৰ্মী ধীৰেশ্বৰ দাসৰ মৃত্যুবাৰ্ষিকীত স্মৃতিগ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৩ জুন : দক্ষিণ কামৰূপৰ কুকুৰমাৰা ৩নং আমত’লা নিৱাসী সমাজকৰ্মী প্ৰয়াত ধীৰেশ্বৰ দাসৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে নিজা বাসভৱনত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। প্ৰবীণ মেধিয়ে সভাপতিত্ব কৰা স্মৃতিচাৰণ সভাখনত ধীৰেশ্বৰ দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে অঞ্চলটোৰ জ্যেষ্ঠ আতা ভকত ৰাধিৰাম দাসে। ভগৱান দাসে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি প্ৰয়াত ধীৰেশ্বৰ দাসৰ সমাজৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে দক্ষিণ সৰু বংশৰ মৌজাৰ মৌজাদাৰ অৱনী কাকতি, ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুলৰ শিক্ষক দিলীপ কুমাৰ দাস, গণেশ দাসে ভাষণ ৰখাৰ উপৰি ধীৰেশ্বৰ দাসৰ কন্যা মানসী দাস আৰু কৃষ্ণগোপাল ভাগৱতীয়ে ভাষণ আগবঢ়ায়। ইফালে, উক্ত অনুষ্ঠানটোত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তাপসী চৌধুৰী, ধীৰাজ কুমাৰ দাস, সাংবাদিক বিশ্বজিৎ দাস, দীপক কুমাৰ দাস, ৰঞ্জিত দাস, শ্ৰীধৰ দাস, হলিৰাম দাসে । প্ৰয়াত ধীৰেশ্বৰ দাসৰ পুত্ৰ পবিত্ৰ দাস, জোৱাই বাপি, হেমন্ত কলিতা, জীয়ৰী অঞ্জলি দাস, প্ৰিয়ংকা দাস আৰু মানসী দাস উপস্থিত থাকে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পিছতেই একশৰণ ভাগৱতী সমাজৰ ভক্ত আই-মাতৃসকলৰ দ্বাৰা নাম-প্ৰসংগৰে অনুষ্ঠানটোৰ সামৰণি মৰা হয়।

প্ৰেৰক ভগৱান দাস

You might also like