নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ অসম্ভৱকো সম্ভৱ কৰি বিশ্ববাসীক আচৰিত কৰি তুলিলে এগৰাকী মাদ্ৰাছাৰ মেধাৱী ছাত্ৰই। ছমাহতেই পৱিত্ৰ ক্বোৰান শ্বৰীফ মুখস্থ কৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলক আচৰিত কৰি তুলিলে ছাত্ৰগৰাকীয়ে। বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ নশ্বেদ আলীৰ ১২ বছৰীয়া পুত্ৰ ৰিবুল আমিন। লাওখোৱাৰ ৭নং বগামুখ হাফিজীয়া-ক্বাৰিয়ানা মাদ্ৰাছাত অধ্যয়ন কৰি ছমাহতেই মুখস্থ কৰিলে পৱিত্ৰ ক্বোৰান শ্বৰীফ। নিয়ম অনুযায়ী অধিক পৰিশ্ৰমৰ পিছতো ক্বোৰান শ্বৰীফ মুখস্থ কৰিবলৈ গলে কমেও ৩ বছৰ সময়ৰ প্ৰয়োজন। কিমান প্ৰতিভাৰ অধিকাৰী হলে ৬ মাহতেই মুখস্থ কৰিব পাৰে ক্বোৰান শ্বৰীফ। ৰিবুলৰ সফলতাত গৌৰৱান্বিত মাদ্ৰাছাৰ শিক্ষক-পৰিচালনা সমিতিৰ লগতে সকলো ধৰ্মাৱলম্বী লোক। ৰিব্বুলক ধৰ্মীয় নিয়ম অনুযায়ী পাগুৰী প্ৰদান কৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে যাচিলে সন্মান।
প্ৰেৰক জহিৰুল ইছলাম