🔹 এজনক হানি-খুঁচি হত্যা, গণপ্রহাৰত হত্যাকাৰীৰ মৃত্যু
নিয়মীয়া বার্তা, ২০ আগষ্ট : যোৱানিশা মেৰাপানী আৰক্ষী থানাৰ অন্তর্গত তেঁতেলিগুৰি লাচিতপুৰ গাঁৱত সংঘটিত হয় এটা লোমহর্ষক হত্যাকাণ্ড৷ তোলন বৰা (৪০) নামৰ এজন লোকে পকামিস্ত্রীক ব্লেড আৰু দাৰে কাটি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায় ৷ মৃতদেহটো উদ্ধাৰ হয় আজি পুৱাৰ ভাগত ৷ ৰাজীৱ গগৈ (৩৫) নামৰ পকামিস্ত্রীজনক নিশা তেঁতেলিগুৰি তিনিআলিৰ পৰা ধৰি আনি নিজ গৃহৰ ভিতৰত নৃশংসভাৱে হত্যা কৰে তোলন বৰাই৷ ৰাজীৱ গগৈৰ সমগ্র শৰীৰতে ব্লেডেৰে কাটি পাছত দাৰে ডিঙি কাটি হত্যা কৰে৷ হত্যাকাৰীটোৱে মৃতদেহটোৰ প্রমাণ নষ্ট কৰিবলৈ ঘটনাস্থলীতে এটা গাঁত খন্দাৰ লগতে জ্বলাবৰ বাবে কাঠ–বাঁহৰো ব্যৱস্থা কৰিছিল৷ কিন্তু নিশা বৰষুণৰ বাবে সফল নোহোৱাত মৃতদেহটো মূল পথৰ দাঁতিত পেলাই থৈ যায়৷ আশ্চর্যজনকভাৱে হত্যাকাৰীটোৱে এটা গাহৰিও বধ কৰি মৃতদেহটোৰ কাষতে পথৰ দাঁতিত শুৱাহ থৈছিল৷ পুৱা ঘটনাস্থলীত স্থানীয় লোক সমৱেত হোৱাত হত্যাকাৰীটোৱে স্থানীয় লোকসকলকো আক্রমণ কৰিবলৈ উদ্যত হয়৷ পাছত স্থানীয় ৰাইজে হত্যাকাৰীটোক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে৷ গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, মানসিক ৰোগী হিচাপে পৰিচিত হত্যাকাৰী তোলন বৰাই দীর্ঘদিনে স্থানীয় অঞ্চলটোত একপ্রকাৰ সন্ত্রাস চলাই আহিছিল৷ ইফালে, শান্ত প্রকৃতিৰ ৰাজীৱ গগৈৰ অকাল মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে অঞ্চলটোত ৷ মেৰাপানী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰাৰ লগতে গণপ্রহাৰত গুৰুতৰভাৱে আহত তোলন বৰাক প্রথমে মেৰাপানী সমূহীয়া চিকিৎসালয় আৰু পাছত উন্নত চিকিৎসাৰ বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰায় যদিও চিকিৎসালয়ত বিয়লি মৃত্যু হয় হত্যাকাৰী তোলন বৰাৰ ৷
প্ৰেৰক আলী হুছেইন