নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিক পৰীক্ষার্থীলৈ ছেবাৰ গুৰুত্বপূর্ণ নির্দেশনা: ঐচ্ছিক বিষয় ‘বৈচিত্র্যময় অসম’ৰ পৰা আহিব তিনিটা অধ্যায়ৰ প্রশ্ন

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ অহা ৩ মার্চৰ পৰা অনুষ্ঠিত হ’ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্রাক্ক্ষণত পৰীক্ষার্থীলৈ ছেবাই প্রদান কৰিছে গুৰুত্বপূর্ণ নির্দেশনা৷ এই নির্দেশনাত দ্রুত পাঠ (ৰেপিড ৰীডাৰ) ‘বৈচিত্র্যময় অসম’ৰ তিনিটা অধ্যায়ৰ প্রশ্ন পৰীক্ষাত আহিব বুলি স্পষ্ট কৰিছে৷ ছেবাৰ সচিবে শেহতীয়াকৈ জাৰি কৰা নির্দেশত এইবুলি উল্লেখ কৰিছে যে আধুনিক অসমীয়া ভাষাৰ লগত সংলগ্ণ হৈ থকা বৈচিত্র্যময় অসমৰ তিনিটা অধ্যায়ৰ ওপৰতহে প্রশ্ণ প্রস্তুত কৰা হ’ব৷ সেয়েহে ছাত্র–ছাত্রীসকলক এই তিনিটা অধ্যায় অধ্যয়ন কৰিবলৈ নির্দেশটোত উল্লেখ কৰিছে৷ নূন্যতম তিনিটা অধ্যায় অধ্যয়নৰ বাবে আহ্বান জনাই ছেবাই ইয়াকো উল্লেখ কৰিছে যে বৈচিত্র্যময় অসমৰ এই তিনিটা অধ্যায়ৰ পৰাই আধুনিক ভাৰতীয় ভাষাৰ প্রশ্ণকাকতত প্রশ্ণ সন্নিৱিষ্ট কৰা হ’ব৷

You might also like