নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ ৰাসৰ পাৰ্শ্ব সংগীতৰ প্ৰেমত মেক্সিকোৰ গাভৰু

🔹 কাতিয়াক লৈ কিয় বিমোৰত পৰিছে ল’জৰ স্বত্বাধিকাৰী ?
নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ :  শৰতৰ এই মধুময় সময়ত মাজুলীলৈ আগমন ঘটা প্ৰতিজন দেশী-বিদেশী পৰ্যটকৰে মন-প্ৰাণ উতনুৱা হৈ পৰে ৷ ৰাসোৎসৱৰ সময়ত মাজুলীলৈ অহা সকলোৰে মন শ্ৰীকৃষ্ণৰ বাঁহীৰ অমিয়া সুৰে যেন পুলকিত কৰি তোলে ৷ সকলোৰে মুখত লাগি থাকে ৰাসৰ সুমধুৰ সংগীতৰ  সুৰ ৷ মাজুলীৰ জীয়ৰী-বোৱাৰী সকলোৱে এতিয়া ভাত ৰান্ধোতে, ঘৰ-চোতাল সাৰোঁতে,  ইফালে-সিফালে ঘূৰি ফুৰোঁতেও গুণগুণাই থাকে ৰাসলীলাৰ সুন্দৰ গীতসমূহ।  এই অভ্যাসৰ সৈতে বৰ্তমান একাত্ম হৈ পৰিছে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এগৰাকী পৰ্যটক ৷  কাতিয়া নামৰ মেক্সিকোৰ এইগৰাকী যুৱতীৰ এতিয়া মাজুলীৰ ইফালৰ পৰা সিফালে ঘূৰি ফুৰোঁতেও মুখত লাগি আছে ৰাসলীলাৰ অমিয়া সংগীতৰ সুৰ। ৰাসোৎসৱৰ মাজতে মাজুলীলৈ অহা কাতিয়া এতিয়া মাজুলীৰ প্ৰেমত হাবুডুবু খাইছে। দুদিনৰ বাবে মাজুলী ভ্ৰমণ কৰিবলৈ অহা কাতিয়াই ৬টাকৈ দিন মাজুলীতে পাৰ কৰিলে । মাজুলীৰ বিনন্দীয়া  নিৰিবিলি পৰিৱেশৰ মাজত থকা গড়মূৰৰ ৰিভাৰ ৱাইণ্ড কটেজত বাহৰ পাতিছে পৰ্যটকগৰাকীয়ে । প্ৰতিদিনাই দৰ্শন কৰিছে ইখনৰ পাছত সিখন সত্ৰ ৷ অভিভূত হৈছে মাজুলীৰ নিৰিবিলি আধ্যাত্মিক, প্ৰাকৃতিক পৰিৱেশ, শ্ৰীকৃষ্ণৰ বন্দনা, সত্ৰৰ অমিয়া বৰগীত-ভতিমাৰ সুৰত ৷ সত্ৰীয়া নৃত্য দৰ্শন কৰি এপাক নাচিবলৈও চেষ্টা কৰা পৰিলক্ষিত হয় এই যুৱতীগৰাকীয়ে । পাৰ হৈ যোৱা ৰাসৰ স্মৃতিয়ে তেওঁৰ মনত মাজে মাজে দোলা দিয়ে, শ্ৰীকৃষ্ণৰ সুমধুৰ বংশীৰ ধ্বনিয়ে হেনো আমনি কৰিছে কাতিয়াক । নিতৌ ল’জত নিজেই নিজৰ বাবে ভাত ৰান্ধাতো, নীৰৱে বহি থাকোঁতে গুণগুণাই থাকে ৰাসোৎসৱৰ গীত- ‘আহা সখি আহা যাওঁ গকুলৰে শ্ৰীকৃষ্ণক নয়ন ভৰি চাঁও…’। এতিয়া মধুৰ স্মৃতি বুকুত বান্ধি তেওঁ যাব পৰা নাই মাজুলীৰ মোহাচ্ছন্ন পৰিৱশ এৰি থৈ৷ এক কথাত, কেৱল তেৱেঁই নহয়, মাজুলীলৈ অহা বহু দেশী-বিদেশী পৰ্যটকে মাজুলীৰ সাতামপুৰুষীয় পৰম্পৰাৰ সমুজ্জ্বল ৰাসোৎসৱ দৰ্শন কৰি আপ্লুত হৈছে। ইফালে, মাজুলীৰ প্ৰেমত পৰা ২৫ বছৰীয়া কাতিয়াক লৈ বিমোৰত পৰিছে মাজুলীৰ ল’জৰ স্বত্বাধিকাৰী অৰূপ শইকীয়াও । দুদিনৰ বাবে থাকিম বুলি ল’জ বুকিং কৰা কাতিয়াই এতিয়া মাজুলীৰ ৰূপ-লাৱণ্যত অভিভূত হৈ যাবলৈয়ে মন নকৰাত  আগতীয়া বুকিং থকা পৰ্যটকক ল’জখনৰ স্বত্বাধিকাৰীয়ে বেলেগত ৰাখিব লগা হৈছে। এয়াই হয়তো মাজুলীৰ সৌন্দৰ্য, শীতল বায়ু, বিশুদ্ধ পৰিৱেশ, সন্ধিয়াৰ সত্ৰৰ পৰা ভাহি অহা গুৰুজনাৰ বৰগীত, নাম-প্ৰসংগৰ  টান, কাষৰীয়া মিচিং গাঁৱৰ পৰা বতাহত উৰি অহা ঐনিঃতমৰ সুৰ, কেঁচা আপঙৰ গোন্ধ, আঘোণৰ ৰূপোৱালী পথাৰ, পুৱা-গধূলিৰ মাজুলীৰ জলাশয়সমূহত দেশী-বিদেশী পক্ষীৰ জলকেলি, নানা দেশী-বিদেশী বিহংগৰ কলকলনি, যাক পান কৰি হেঁপাহ নপলায় পৰ্যটকৰ ৷ সেইবাবেই হয়তো আপোন পাহৰা কাতিয়াৰ দৰে অগণন পৰ্যটক ৷ 
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like