ঋণগ্রস্তক হাৰাশাস্তি কৰিলে সোমাব জে’লত
মাইক্র’ফাইনেন্স প্রতিষ্ঠানক নাকী লগাবলৈ শীঘ্রে আইনঃ চাচনীত ড০ শর্মা
নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ মাইক্র’ফাইনেন্স কোম্পানীৰ ফান্দত পৰা ৰাজ্যৰ দৰিদ্র মহিলাসকলৰ বাবে সুখবৰ৷ ৰাজ্য চৰকাৰে এনে কোম্পানীসমূহৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ আইন সাজু কৰিছে৷ উক্ত আইনত ৰাজ্যপালে মোহৰ মাৰিলেই নাকী লগোৱা হ’ব মাইক্র’ফাইনেন্স কোম্পানীসমূহক৷ ‘আইন কার্যকৰী হোৱাৰ পিছত যদি ঋণীৰ ঘৰলৈ কিস্তিৰ ধন বিচাৰি গৈ কোম্পানীৰ বিষয়া–কর্মচাৰীয়ে হাৰাশাস্তি কৰে তেন্তে কাকো সুদাই এৰা নহ’ব৷ কোম্পানীৰ মেনেজাৰ–মালিক সকলোৱে জে’লত সোমাব লাগিব৷’ গ্রামাঞ্চলৰ শত সহস্র মহিলাক প্রবোধ দি এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ডল্লেখ্য যে আজি ব্রহ্মপুত্রৰ ডত্তৰপাৰে চিলাপথাৰত আয়োজিত প্রধানমন্ত্রীৰ সভাত অংশগ্রহণ কৰিয়ে পোনে পোনে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আহে নাহৰকটীয়াৰ চাচনীলৈ৷ চাচনীৰ টিকিৰাবালিত ২৭ কোটি টকা ব্যয়সাপেক্ষে বুঢ়ীদিহিঙৰ ওপৰেদি নির্মাণ কৰিবলগীয়া এখন দলঙৰ আধাৰশিলা স্থাপন কৰে মন্ত্রীগৰাকীয়ে৷ ইয়াৰ পিছতে মন্ত্রী শর্মাই অংশগ্রহণ কৰে মেৰবিল খেলপথাৰত দিনৰ ২.৩০ পৰা আয়োজিত এখন সভাত৷
বিজেপিৰ যুৱ নেতা তৰংগ গগৈয়ে আঁত ধৰা উক্ত সভাত উপস্থিত আছিল স্থানীয় সাংসদ তথা কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্রসাদ কোঁৱৰ, বিজেপি নেতা ৰঞ্জিত বৰুৱা, প্রদীপ বুঢ়াগোহাই আদি৷ টিকিৰাবালিৰ প্রস্তাৱিত দলংখন আজিৰে পৰা ওঠৰ মাহৰ ভিতৰত নির্মাণ সম্পূর্ণ কৰি দিব বুলি সবল প্রতিশ্রুতি দিয়া মন্ত্রীগৰাকীয়ে কেৱল চাচনী এলেকাৰ বিভিন্ন বাট–পথৰ উন্নয়নৰ বাবে সর্বমুঠ ৫৫ কোটি টকা ব্যয় কৰিব বুলিও ঘোষণা কৰে৷ উল্লেখ্য যে নাহৰকটীয়া সমষ্টিটো বিজেপিৰ মিত্রজোঁটৰ সংগী অগপৰ বিধায়ক নৰেন সোণোৱালে প্রতিনিধিত্ব কৰি আহিছিল যদিও সমাগত নির্বাচনত আসনখন অগপৰ পৰা বিজেপিয়ে আঁজুৰি লোৱাৰ সম্ভাৱনীয়তা প্রকট হৈ পৰে মন্ত্রীগৰাকীৰ ভাষ্যতে৷ ‘নাহৰকটীয়াত আমাৰ দলৰ বিধায়ক নোহোৱাকৈয়ে আমি হমান উন্নয়ন কৰি দিছোঁ৷ আপোনালোকে কল্পনা কৰক– যদিহে নাহৰকটীয়াত বিজেপিৰ বিধায়ক থাকে, তেন্তে কিমান ডন্নয়নৰ বৰষুণ হ’ব?’ নিজ চৰকাৰৰ কার্যকালত সমাজৰ বিভিন্ন শ্রেণীৰ লোক ডপকৃত হোৱাকৈ বিভিন্ন আঁচনি অহর্নিশে কার্যকৰী কৰাৰ বিষয়ে সদৰী কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ কংগ্রেছ দলকো কটাক্ষ কৰে৷ কংগ্রেছে বদৰুদ্দিন আজমলৰ লুঙী–টুপীক অসমৰ ৰাইজৰ শোৱনী কোঠাত সুমুৱাব বিচাৰিছে বুলি অভিযোগ কৰে৷ ডল্লেখ্য যে বিগত বর্ষৰ ১৮ জানুৱাৰীত চাচনীবাসীয়ে আজি অনুষ্ঠিত হোৱা সভাৰ স্থানতে ধন সংগ্রহ কৰি আছুৰ নেতৃত্বক ‘কা’বিৰোধী আন্দোলনৰ সাহায্য হিচাপে আগবঢ়াই দিছিল৷ ডক্ত দিনা সভাৰ পৰিৱেশ সম্পূর্ণ বেলেগ আছিল৷ আজি একেটা স্থানতে বিজেপিয়ে বিপুল সমাৱেশ আয়োজন কৰি নির্বাচনী ৰণহুংকাৰ বজোৱাটো বিশেষ তাৎপর্যপূর্ণ হৈ পৰিছে৷
নামৰূপত ৪ পথ নির্মাণৰ শুভাৰম্ভ ড০ শর্মাৰ
সোমবাৰে নামৰূপৰ ৰাজহুৱা খেলপথাৰত বিজেপিৰ জয়পুৰ মণ্ডল সমিতিৰ উদ্যোগত আয়োজিত এখন বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰে ৰাজ্যৰ স্বাস্থ্য, বিত্ত আৰু লোকনির্মাণ তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি এই উপলক্ষে নামৰূপৰ গান্ধী ময়দানত হেলিকপ্ঢাৰৰ পৰা নামিয়েই মন্ত্রীজনে নামৰূপ আৰু ইয়াৰ পার্শ্বৱর্তী অঞ্চলৰ চাৰিটা গুৰুত্বপূর্ণ পথৰ নির্মাণকার্যৰ শুভ উদ্বোধন কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানতে নামৰূপ সাৰ কাৰখানালৈ এশ কোটি টকাৰ অনুদান আগবঢ়োৱা আৰু অসম চৰকাৰৰ অংশীদাৰ এঘাৰ শতাংশৰ পৰা চাব্বিশ শতাংশলৈ বৃদ্ধি কৰাৰ ক্ষেত্রত মন্ত্রীগৰাকীয়ে লোৱা পদক্ষেপৰ বাবে মন্ত্রীগৰাকীক গামোচা, চেলেং, শৰাই, সঁফুৰা, সম্বর্ধনা পত্রৰে সম্বর্ধনা জনায় বিজেপিৰ দলীয় শাখা, উপ–শাখাৰ লগতে নামৰূপৰ শতাধিক দল–সংগঠনে৷ অনুষ্ঠানত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– নামৰূপক যদি পুনৰ জীৱন্ত, প্রাণৱন্ত, গতিশীল ঔদ্যোগিক চহৰলৈ ৰূপান্তৰ কৰিব লাগে, তেন্তে ৰাইজে ৰাজ্য চৰকাৰৰ লগত হাতে হাত ধৰি কাম কৰিব লাগিব৷ তেতিয়া আমাৰ নামৰূপৰ পুৰণা ঐতিহ্য উভতি আহিব৷
কিছুদিন পূর্বে তেওঁ আৰু মন্ত্রী তেলীয়ে লগ হৈ নির্মলা সীতাৰমণ আৰু সদানন্দ গৌড়াক লগ কৰি দাবী জনাইছিল যে সাৰ কাৰখানাৰ বাবে অইল ইণ্ডিয়া আৰু অসম চৰকাৰে যিমান পুঁজি খৰচ কৰিব লাগে কৰিব, কেৱল কেন্দ্রই সাৰ কাৰখানা জীৱন্ত কৰি দিয়ক৷ নামৰূপ আৰু নামৰূপ সাৰ কাৰখানাক নতুন ৰূপ দিয়াৰ কাম কেৱল বিজেপিৰ দিনত দ্রুতগতিত আগবাঢ়িছে৷ আনহাতে, সাৰ কাৰখানা উন্নীতকৰণৰ বাবে চৰকাৰখনে আন্তৰিকতাৰে কাম কৰি থকাবুলি উল্লেখ কৰে৷ উল্লেখ্য যে স্থানীয় সাংসদ ৰামেশ্বৰ তেলীয়ে আজি নামৰূপৰ সভাত প্রকাশ্যভাৱেই বিধানসভা নির্বাচনত নাহৰকটীয়া সমষ্টিটো অগপৰ পৰিৱর্তে বিজেপিৰ হাতত থাকিলে সুবিধা হ’ব বুলি নিজৰ বক্তব্যত উল্লেখ কৰে৷ এই অনুষ্ঠানতে বহু বিশিষ্ট ব্যক্তিয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ সভাত দুলীয়াজনৰ বিধায়ক তেৰছ গোৱালা, বিজেপি অসম ৰাজ্যিক কমিটীৰ সম্পাদক তৰংগ গগৈ, এ পি এলৰ অধ্যক্ষ বিকুল চন্দ্র ডেকা আৰু সমাজকর্মী ৰঞ্জিত বৰুৱা, জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতা উপস্থিত থাকে৷ নামৰূপৰ পৰা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা জয়পুৰলৈ যায় আৰু তাতেই ইতিহাসপ্রসিদ্ধ অঞ্চলটোত নির্মাণ কৰি উলিওৱা তাই আহোম তোৰণৰ উদ্বোধন কৰে৷ আনহাতে, নাহৰকটীয়াৰ ৰাজহুৱা খেলপথাৰত ২৭ লাখ টকা ব্যয়সাপেক্ষে নির্মাণ কৰি উলিওৱা ইনড’ৰ ষ্টেডিয়াম উদ্বোধনৰ জৰিয়তে মন্ত্রীগৰাকীয়ে দিনটোৰ কার্যসূচী সামৰে৷