ৰিজার্ভ বেংকৰ নীতি অনুসৰি ৰেহাই দিয়া হ’ব মাইক্র’ ফাইনেঞ্চৰ ঋণ
নিয়মীয়া বাৰ্তা, ২২ জুনঃ মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইক লৈ চলি থকা চর্চাৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিষয়টোক লৈ পুনৰ এক গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰিজার্ভ বেংকৰ নীতি–নিয়ম অনুসৰিয়েই ৰেহাই দিয়া হ’ব মাইক্র’ ফাইনেঞ্চৰ ঋণ৷ লখিমপুৰত সোমবাৰে নির্মীয়মাণ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু ক্রীড়া প্রকল্প চৌহদ পৰিদর্শনৰ সময়তে মুখ্যমন্ত্রী ড০ শর্মাই কয়– ঋণ লোৱাসকলে ৰিজার্ভ বেংকৰ নিয়ম অনুকৰণ কৰিবই লাগিব৷ ঋণ ঘূৰাই দিব নোৱাৰিলে তেওঁলোকক পুনৰ বেংকে লোন নিদিয়ে৷ এই নিয়ম মুখ্যমন্ত্রী, মুখ্য সচিব, উপায়ুক্তৰ ক্ষেত্রতো একেই৷ ৰাজ্য চৰকাৰে যি নীতিৰ আধাৰত ঋণ পৰিশোধৰ ঘোষণা কৰিছে, সেয়া ৰিজার্ভ বেংকৰ নিয়ম অনুসৰিয়েই হ’ব৷ এই নিয়ম কোনেও সলনি কৰিব নোৱাৰে৷ কথা হ’ল যদি কোনো এজনে মাইক্র’ ফাইনেঞ্চক বেয়া পায়, তেন্তে তেওঁ পুনৰ ইয়াৰ পৰা ঋণ ল’ব নালাগে৷ এটা ঋণেই যদি পৰিশোধ কৰিব নোৱাৰোঁ, তেন্তে আন এটা লোন লোৱাৰ প্রয়োজন কি? অহা ৫ বছৰলৈ যদি চৰকাৰে এইদৰে ঋণ পৰিশোধ কৰি থাকে, তেন্তে আন কামেই কৰিব নোৱাৰিব৷ গতিকে চৰকাৰে যিসকলে ভালধৰণে মাইক্র’ ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰিছে, তেওঁলোকক উদগনিমূলক ধন দিব আৰু যিসকলে ঘূৰাই দিব নোৱাৰে, তেওঁলোকৰ ধন চৰকাৰে প্রদান কৰিব৷ এই প্রতিশ্রুতি অনুসৰিয়েই আমি কাম কৰিম৷
উল্লেখ্য যে সোমবাৰে মুখ্যমন্ত্রী ড০ শর্মাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ নির্মীয়মাণ চৌহদ পৰিদর্শন কৰি চিকিৎসালয়খনৰ নির্মাণকার্যৰ অগ্রগতিৰ বুজ লয়৷ চিকিৎসা মহাবিদ্যালয়খন পৰিদর্শন কালত তেওঁ নির্মাণৰ আসোঁৱাহ ধৰা পেলাই ইয়াৰ লগত জড়িত সংস্থা–ভিযন্তাক জবাবদিহি কৰে৷ উক্ত স্থলীতেই মুখ্যমন্ত্রী ড০ শর্মাই এটা ত্রুটিপূর্ণ কোঠা ভাঙি নতুনকৈ নির্মাণৰ নির্দেশ দিয়ে৷
এই পৰিদর্শন কালতেই তেওঁ চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষ, লোকনির্মাণ বিভাগ, লখিমপুৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকত লোকনির্মাণ বিভাগক চিকিৎসা মহাবিদ্যালয়খনৰ ভৱনসমূহ নির্মাণকার্য সোনকালে সমাপ্ত কৰাৰ বাবেও নির্দেশ দিয়ে৷
আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই সোমবাৰে লখিমপুৰত নির্মীয়মাণ ক্রীড়া প্রকল্পৰ চৌহদ পৰিদর্শন কৰি কামৰ বুজ লয়৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই জিলা উপায়ুক্তৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত কৰি ক’ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনাৰ পর্যালোচনা কৰে৷ বৈঠকত ৰঙানদী বান্ধৰ পানী এৰি দিয়াৰ ফলত হোৱা বানৰ বিষয়টো পর্যালোচনা কৰি নীপকোৰ বিষয়ববীয়াক আগতীয়া বানৰ সতর্কতা এক প্রয়োজনীয় পদ্ধতি তাৎক্ষণিকভাৱে কার্যক্ষম কৰাৰ নির্দেশ দিয়ে৷
বৈঠকত জিলাখনৰ খহনীয়াপ্রৱণ এলেকাসমূহ তাৎক্ষণিকভাৱে শক্তিশালী কৰাৰ নির্দেশ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই বৈঠকতে জিলাখনৰ ক’ভিড পৰিস্থিতি সম্পর্কত আলোচনা হয়৷