নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিলাইত ১২ কোটি টকাৰ ছিন্থেটিক ড্রাগ্ছ জব্দঃ দুই তামিল মহিলাসহ গ্রেপ্তাৰ ৩

নিয়মীয়া বাৰ্তা, ২২ জুনঃ  ড্রাগ্ছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাই থকা মাৰাথন অভিযানে পুনৰ এক সাফল্য লাভ কৰিছে৷ শেহতীয়াকৈ কার্বি আংলং জিলাৰ খটখটী থানাৰ আৰক্ষীয়ে ৭ কোটি টকাৰ হেৰ’ইন জব্দ কৰাৰ পাছত সোমবাৰে পুনৰ আন এক অভিযানত জব্দ হ’ল ১২ কোটি টকাৰ ছিন্থেটিক ড্রাগ্ছ৷ কার্বি আংলং জিলাৰ ডিলাই আৰক্ষী থানাৰ সন্মুখত তালাচী চকীত নিয়মীয়া টহলৰ সময়ত এজন হোমগার্ডে এখন বাহনৰ পৰা এই বৃহৎ পৰিমাণৰ ড্রাগ্ছখিনি জব্দ কৰিবলৈ সক্ষম হয়৷

অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই প্রকাশ কৰা অনুসৰি মণিপুৰৰ ম’ৰে জিলাৰ পৰা কার্বি আংলং হৈ আহি থকা অৱস্থাত বৰছিং বে’ নামৰ হোমগার্ড এজনে সন্দেহবশতঃ এম এন–০৬ বি–০৫১১ নম্বৰৰ গাড়ীখনত তালাচী চলাওঁতেই এই ড্রাগ্ছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

মণিপুৰৰ পৰা এজন যুৱক, দুগৰাকী মহিলাই লৈ অহা এই ড্রাগ্ছখিনি গাড়ীখনৰ বিভিন্ন স্থানত লুকুৱাই অনা হৈছিল৷ হোমগার্ডজনে তালাচী চলাওঁতেই তেওঁক তামিল মহিলা দুগৰাকীয়ে তালাচী নচলাবলৈ বৃহৎ পৰিমাণৰ উপঢৌকন যাচে যদিও কর্তব্যনিষ্ঠাৰ পৰিচয় দি বৰছিং বে’ই গাড়ীখন পথৰ কাষত ৰখোৱাই আৰক্ষীৰ দলক খবৰ দিয়াত তিনি কিলোগ্রাম ওজনৰ এই ড্রাগ্ছখিনি জব্দ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীৰ হাতত ধৰা পৰা তামিল মহিলা দুগৰাকী হ’ল চেন্নাইৰ পাঞ্জাভাৰম আৰু লক্ষ্মীডি৷ এই ঘটনাৰ লগত জড়িত কে বসন্ত সিং নামৰ এজন মণিপুৰৰ যুৱককো গ্রেপ্তাৰ কৰা হৈছে৷ আৰক্ষী সঞ্চালকপ্রধান মহন্তই জানিবলৈ দিয়া মতে ছিন্থেটিক ড্রাগ্ছৰ প্রতিকিলোৰ আন্তর্জাতিক বজাৰ মূল্য ৪ কোটি টকা৷ সেই হিচাপত সোমবাৰে জব্দ কৰা তিনি কিলো ড্রাগ্ছৰ মূল্য হ’ব ১২ কোটি টকা৷

ইফালে আৰক্ষী সঞ্চালকপ্রধান মহন্তই এই সাফল্যৰ বাবে হোমগার্ড বৰছিং বে’ক ৫০ হাজাৰ টকা আৰু তালাচী চলোৱা দলক ৫০ হাজাৰ টকা মুঠ এক লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত অসম আৰক্ষীয়ে চলাই অহা অভিযানত শেহতীয়াকৈ প্রতিদিনে ধৰা পৰিছে বহু পৰিমাণৰ হেৰ’ইন, ব্রাউন ছুগাৰ, নিচাযুক্ত টেবলেট, কফ ছিৰাপৰ বটলকে ধৰি বহু নিষিদ্ধ সামগ্রী৷ সমান্তৰালভাৱে প্রায় প্রতিদিনে আৰক্ষীৰ জালত পৰিছে গড়ে ৩০জনতকৈ অধিক ড্রাগ্ছ সৰবৰাহকাৰী৷ আৰক্ষীৰ অভিযান তীব্র হোৱাৰ বাবে ড্রাগ্ছ মাফিয়াই এইবাৰ ড্রাগ্ছ সৰবৰাহৰ বাবে বিশেষ কৌশল অৱলম্বন কৰাৰ লগতে একাংশ মহিলাৰ জৰিয়তেও ড্রাগ্ছ সৰবৰাহত নামি পৰিছে৷

অলপতে কার্বি আংলং আৰক্ষীয়ে দিদি নামৰ এগৰাকী মণিপুৰী মহিলাক বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ গ্রেপ্তাৰৰ পাছত আজি পুনৰ আন দুগৰাকী তামিল মহিলাৰ পৰা উদ্ধাৰ হয় ১২ কোটি টকাৰ ছিন্থেটিক ড্রাগ্ছ৷

লক্ষণীয়ভাৱে ড্রাগ্ছ মাফিয়াই আৰক্ষীৰ অভিযানৰ বাবে কার্বি আংলং জিলাৰ জৰিয়তে অসমকে ধৰি উত্তৰ–পূব তথা দেশৰ ভিন্ন প্রান্তলৈ ড্রাগ্ছ সৰবৰাহৰ বিভিন্ন কৌশল ৰচনা কৰিছে৷

You might also like