মধ্য–নামনি অসম–বৰাকত সৃষ্টি আন এক জাতিৰ
ৰাজ্যত সূচনা হৈছে জাতিধ্বংসী ভয়ংকৰ সমীকৰণ যোৰহাটৰ বিজেপিৰ চাহ মর্চাৰ কার্যনির্বাহকত ড০ হিমন্ত বিশ্ব শর্মাৰ উদ্বেগজনক তথ্য
নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়া ব্যাহত কৰিবলৈ এটা বিশেষ চক্রই কুটিল সমীকৰণত লিপ্ত হৈছে৷ এনে ষড়যন্ত্রত সাৰ–পানী যোগাইছে একাংশ বুদ্ধিজীৱীয়ে৷ শেহতীয়াকৈ অতি স্পর্শকাতৰ এই বিষয়টোক কেন্দ্র কৰি বিভিন্ন মহলত অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শুকুৰবাৰে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্য চৰকাৰৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেতবোৰ উদ্বেগজনক তথ্য দাঙি কৰে৷ যোৰহাট জিলা পুথিভঁৰালৰ শ্রীশ্রীপীতাম্বৰ দেৱগোস্বামী প্রেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ চাহ মর্চাৰ কার্যনির্বাহকত উদাত্ত ভাষণ দি ড০ শর্মাই কয়– অসমৰ সভ্যতা–সংস্কৃতি সকলো ক্ষেত্রতে অৱদান আগবঢ়োৱা প্রতিজনে অসমীয়া জাতি গঠনত ভূমিকা গ্রহণ কৰিছে যদিও এচাম বুদ্ধিজীৱীয়ে খিলঞ্জীয়া–খিলঞ্জীয়া আখ্যাৰে ভাগ ভাগ কৰি আমাক দুর্বল কৰিছে৷ অসমৰ মাটিত শৰীৰৰ ঘাম পেলাই–তেজ দি আমি নিজকে অসমীয়া বুলি চিনাকি দিব লাগিব৷ কিন্তু আজি সমাজ ব্যৱস্থাৰ বাবে অতি দুর্ভাগ্যজনক কথাটো হ’ল যে খিলঞ্জীয়া–খিলঞ্জীয়া শব্দৰে আমি সমাজখনক ভাগ ভাগ কৰি আছোঁ৷ এচাম বুদ্ধিজীৱীয়ে আমাৰ জাতীয় জীৱনক খিলঞ্জীয়া–খিলঞ্জীয়া শব্দৰে বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্রক্রিয়াক স্থবিৰ কৰিছে৷ তেওঁলোকে জাতীয় জীৱনক বিভক্ত কৰি সমাজখনক গ্রাস কৰিব বিচাৰিছে৷ এইসকল লোকেই আমাক পৰিচয় কৰাই দিছে– তোমালোক ব্রাহ্মণ, তোমালোক কোচ ৰাজবংশী, তোমালোক কলিতা, তোমালোক চাহ শ্রমিক৷ ইয়াৰ বিপৰীতে আমি অসমৰ ৬৫ শতাংশ লোকে নিজৰ পৰিচয় লৈ জীয়াই আছোঁ৷ কিন্তু আন ৩৫ শতাংশ লোকে নামনি–মধ্য অসম–বৰাক উপত্যকাৰ বিশাল ভূমিত মাত্র এটা পৰিচয়েৰে এটা নতুন সভ্যতা–সংস্কৃতি নির্মাণ কৰিছে৷ আমি অসমৰ ৬৫ শতাংশ জনসাধাৰণ বিভক্ত৷ কিন্তু যোৱা ১৫টা বছৰত নামনি–মধ্য অসম–বৰাক উপত্যকাত ৩৫ শতাংশ বিশেষ পৰিচয়ৰ লোকে নতুন এক ‘জাতি’ৰ জন্ম দিছে৷ ৬৫ শতাংশ লোকৰ মাজত যিসকলে বিভাজন আনিব খোজে, তেওঁলোকক শত্রু বুলি অভিহিত কৰে বিত্তমন্ত্রী ড০ শর্মাই৷ ৬৫ শতাংশৰ মাজত হোৱা বিভাজনৰ সুযোগ ৩৫ শতাংশই ল’ব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়– ইয়াৰ ফলত নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকাক আমাৰ থলুৱা লোকসকলে এপদ এপদকৈ সম্পদ হেৰুৱাই পেলাইছে৷ বিজেপিয়ে বিশ্বাস কৰে যে ৬৫ শতাংশ লোকৰ মাজত যিসকলে বিভাজন আনিব খোজে, তেওঁলোক আমাৰ শত্রু৷ কংগ্রেছ আৰু এ আই ইউ ডি এফে সৃষ্টি কৰি থকা বিভাজনৰ বিপৰীতে বিজেপিয়ে সকলো জাতি–জনগোষ্ঠীক একত্রিত কৰি ৰখাত, ভাৰতীয় সভ্যতা–সংস্কৃতিক জীয়াই ৰখাত সংকল্পবদ্ধ৷ বিগত পাঁচটা বছৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চাহ জনগোষ্ঠী তথা চাহ শ্রমিকসকলৰ মাজত আস্থা আৰু বিশ্বাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি আঙুলিয়াই ড০ শর্মাই কয়– স্বাধীনতাৰ পাছৰে পৰা ৬৫টা বছৰত জনগোষ্ঠীটোৰ বাবে পূর্বৰ চৰকাৰে কোনো সদিচ্ছা প্রকাশ নকৰা বাবে জনগোষ্ঠীটো আর্থিক–সামাজিকভাৱে পিছপৰি আছে৷ স্বাধীনতাৰ ৭০ বছৰ পাৰ হৈ গ’ল, বেছিভাগ সময়েই কংগ্রেছে শাসন কৰিলে৷ কিন্তু চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে কোনো কাম নকৰিলে৷ যাৰ বাবে জনগোষ্ঠীটোৰ নিৰন্তৰ উন্নয়ন সম্ভৱ নহ’ল৷ অসমীয়া জাতি গঠন প্রক্রিয়াত ৰাজনৈতিক পাকচক্রৰ বাবে চাহ জনগোষ্ঠীক আঁতৰাই ৰখা হ’ল৷ ইয়াৰ বিপৰীতে চাহ জনগোষ্ঠীয়ে প্রতিটো নির্বাচনত পূর্বৰ চৰকাৰসমূহক সমর্থন দি আছিল৷ চাহক লৈ প্রতিজন অসমীয়াই গৌৰৱ কৰাৰ বিপৰীতে চাহ জনগোষ্ঠীক জাতি গঠন প্রক্রিয়াৰ পৰা আঁতৰাই ৰখাটো দুর্ভাগ্যজনক৷ আলফাই যেতিয়া চাহ জনগোষ্ঠীক অসমীয়া নহয় বুলি কয়, তেতিয়া এচাম তথাকথিত অসমীয়াই মাত নামাতে৷ এয়া অতি দুখৰ বিষয়৷ কিন্তু আমি গৌৰৱী অসমীয়া হৈ থাকিব লাগিব৷
মন্ত্রীগৰাকীয়ে কয়– চাহ জনগোষ্ঠীৰ প্রতিজন ব্যক্তিৰ ঘৰলৈ উন্নয়নৰ নতুন দিগন্ত আহিব৷ যোৱা পাঁচ বছৰ আগত বিজেপিয়ে সংকল্প লৈছিল উন্নয়নৰ বার্তা অনাৰ৷ চাহ জনগোষ্ঠীৰ মাজত এখন নতুন সমাজ গঢ়াৰ সংকল্প আছিল৷ আৰু আজি সেই সংকল্পই বাস্তৱ ৰূপ লৈছে৷ আজি বিজেপিয়ে জনগোষ্ঠীটোৰ বাবে নিৰন্তৰ কাম কৰিছে৷ অতি পৰিতাপৰ কথা, স্বাধীনতাৰ ৭০ বছৰ পাছতো বাগানত পকী পথ নাছিল, নিজাকৈ বিদ্যুৎ নাছিল, হাইস্কুল নাছিল, বেংক একাউণ্ট নাছিল৷ কিন্তু বিজেপি চৰকাৰে যোৱা পাঁচ বছৰত এইবোৰ কৰিবলৈ সক্ষম হ’লোঁ৷ ৰাজ্যৰ চাহ বাগিচাসমূহৰ ৭ লাখ ৬০ হাজাৰ শ্রমিকৰ বেংক একাউণ্টত ধনৰ যোগান ধৰি অর্থনৈতিক সমতা অনাৰ ব্যৱস্থা কৰা হ’ল আৰু শ্রমিকসকলেও সঞ্চয় লোন আদি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ অহা নৱেম্বৰ মাহত পুনৰ বেংক একাউণ্টত ৩ হাজাৰকৈ দিয়া হ’ব বুলি ঘোষণা কৰে মন্ত্রীজনে৷ বাগিচাসমূহত পকী পথ নাছিল৷ কিন্তু বিজেপি শাসনলৈ অহাৰ পাছত ৰাজ্যৰ ৮০০ বাগিচাৰ লাইনত ৰাস্তা বনোৱা আৰম্ভ হ’ল আৰু আগন্তুক সময়ত প্রতিটো লাইনৰ ৰাস্তা পকী কৰা হ’ব৷ আনহাতে, চাহ শ্রমিকৰ সন্তানে মেড্রিক পাছ কৰাৰ পাছতেই চৰকাৰে পঢ়ুওৱাৰ ব্যৱস্থা কৰা হৈছিল৷ পুনৰ উচ্চ শিক্ষাৰ প্রতি লক্ষ্য ৰাখি এক আৰু দুই নৱেম্বৰত প্রথমবাৰৰ বাবে সমগ্র ৰাজ্যৰ ১১৯খন চাহ বাগিচাত হাইস্কুল নির্মাণ কৰা হ’ব আৰু ছমাহত নির্মাণ সম্পূর্ণ হ’ব৷ তিনিশ কোটি টকা ইয়াৰ বাবে নির্ধাৰণ কৰা হৈছে৷ পৰৱর্তী সময়ত উচ্চতৰ মাধ্যমিকৰ ব্যৱস্থাও কৰা হ’ব৷ মেধাৱী ছাত্র–ছাত্রীৰ বাবে ১৮খনকৈমেডিকেলত চাহ জনগোষ্ঠীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিলোঁ আৰু এইবাৰ ব্রহ্মপুত্র আৰু বৰাক উপত্যকাৰ বাবে মেডিকেলৰ আসন ভাগ কৰি দিয়া হ’ব৷ আনহাতে, চাহ বাগিচা অধ্যুষিত অঞ্চলৰ মহাবিদ্যালয়বোৰত চাহ বাগিচাৰ ল’ৰা–ছোৱালীৰ বাবে দহ শতাংশ আসন সংৰক্ষণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ খোৱাপানীৰ সমস্যা সমাধানৰ বাবে অসমৰ ৮০০ চাহ বাগিচাৰ বাবে খোৱাপানীৰ আঁচনি গ্রহণৰ সিদ্ধান্ত লোৱা হৈছে৷ তদুপৰি গর্ভৱতী মহিলাৰ বাবে গ্রহণ কৰা আঁচনিয়ে সমগ্র দেশতে সমাদৰ লাভ কৰিছে৷ ১২ হাজাৰকৈ টকা এনে মহিলাক দিয়া হৈছে৷ যাতে পুষ্টিকৰ খাদ্য গ্রহণ কৰিব পাৰে৷ প্রথমবাৰৰ বাবে চাহ উদ্যোগ আগবঢ়াই নিবলৈ কৃষি কৰ ৰেহাই দিছোঁ৷ কেঁচা পাতৰ মূল্য বর্তমান স্থিৰ হৈছে৷ বাগানসমূহৰ মালিকপক্ষয়ো লাভাংশত শ্রমিকসকলক অগ্রাধিকাৰ দিব লাগিব বুলি স্পষ্ট কৰি দিয়ে৷ ইফালে ৰাষ্ট্রীয় শিক্ষা নীতিৰ অধীনত চাহ বাগিচাসমূহত নতুন বর্ষৰ পৰা পঞ্চম শ্রেণীলৈকে মাতৃভাষা অধ্যয়ন কৰিব পাৰিব৷ অনুষ্ঠানত সাংসদ কামাখ্যাপ্রসাদ তাছা, মন্ত্রী যোগেন মহনকে ধৰি বহুকেইজন বিধায়ক, দলীয় বিষয়ববীয়া উপস্থিত থাকে৷