নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইৰোপ্ৰেকটিক চিকিৎসাত অসমৰ প্ৰথম ডক্টৰেট মিফটাৰ আহমেদ

বিশেষ বাৰ্তা, ২৬ নৱেম্বৰঃ কাইৰোপ্ৰেকটিক চিকিৎসা পদ্ধতিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ডক্টৰেট হিচাপে পৰিচয় লাভ কৰিলে ডিব্ৰুগড়ৰ মিফটাৰ আহমেদে। নতুন দিল্লীৰ তিন মূৰ্তি ভৱনৰ প্ৰধানমন্ত্ৰী সংগ্ৰাহলয়ৰ নেহেৰু অডিটৰিয়ামৰ এক গাম্ভীর্যপূৰ্ণ  অনুষ্ঠানত World Culture and Environment Protection Commission এ তেওঁক ডক্টৰেট ইন কাইৰোপ্ৰেকটিক ডিগ্রী প্ৰদান কৰে। ইয়াৰ পাছতেই কাইৰোপ্ৰেকটিক চিকিৎসা পদ্ধতিত মিফটাৰ আহমেদ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী ডক্টৰেট হিচাপে পৰিগণিত হয়। বিগত প্ৰায় ৫ টাকৈ বৰ্ষযোৰি  মিফটাৰ আহমেদে এই চিকিৎসা সেৱা আগবঢ়াই আহিছে। পিতৃ প্ৰয়াত মুকুত আলি আৰু মাতৃ মালেকা বেগমৰ পুত্র মিফটাৰ আহমেদৰ এই সফলতাৰ পাছতে অসমত বিশ্বৰ এই পৌৰাণিক চিকিৎসা পদ্ধতি অত্যাধিক বিশ্লেষণাত্মক ৰূপত পৰিচিত হোৱাৰ লগতে শৈক্ষিক ভাৱে সক্ষম তথা গুণগত চিকিৎসা লাভৰ আস্থা মিফটাৰ আহমেদৰ পৰা পোৱাৰ সম্ভাৱনাও কঢ়িয়াই আনিছে।
প্ৰেৰক বিভাস দুৱৰা
You might also like