নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলক প্রত্যাহ্বান জনাবলৈ লাখ লাখ অসমীয়া ল’ৰা ওলাই আহক

🔹 ইউডিএফৰ সভাপতিৰ সাম্প্রদায়িক মন্তব্যৰ প্রতিক্রিয়া ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ নৱেম্বৰ : লোকসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিতর্কিত তথা সাম্প্রদায়িক মন্তব্যৰে তৎপৰ হৈ পৰিছে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল৷ শেহতীয়াকৈ বৰপেটাৰ বাঘবৰ সমষ্টিত নির্বাচনী সভাত পুনৰ সাম্প্রদায়িক মন্তব্যৰে ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা চলায়৷ ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণক একপ্রকাৰ তাচ্ছিল্য কৰি আজমলৰ মন্তব্য আছিল– তিনি দিন মিঞা নাথাকিলে গুৱাহাটী কবৰস্থানত পৰিণত হ’ব৷ এআইইউডিএফৰ সভাপতিজনৰ এনে বিতর্কিত মন্তব্য সন্দর্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ সভাপতি কলিতাৰ মন্তব্য– আজমলে যি কয় কৈ থাকক, আমাক আমনি নকৰিলেই হ’ল৷ আমাৰ বোৱাৰী–ছোৱালীৰ প্রতি চকু নিদিলেই হ’ল৷ আজমলে খিলঞ্জীয়াৰ মাটি দখল নকৰিলেই হ’ল৷ আনহাতে, মিঞা অবিহনে গুৱাহাটী কবৰস্থান হ’ব বুলি আজমলে কৰা মন্তব্যৰ বিপৰীতে লাখ লাখ অসমীয়া ল’ৰাক ওলাই আহিবলৈ সভাপতিগৰাকীয়ে আহ্বান জনাই কয়– আজমলক প্রত্যাহ্বান জনাবলৈ অসমীয়া যুৱকসকলে ওলাই আহিলেই হ’ল৷ অসমীয়া ল’ৰাই অ’লা–উবাৰ চলাওক৷ আজমলৰ মন্তব্যক লৈ বিধায়ক দিগন্ত কলিতাই প্রতিক্রিয়া প্রকাশ কৰে৷ বিধায়কগৰাকীৰ মন্তব্য– আজমলৰ মন্তব্যক খিলঞ্জীয়া লোকে প্রত্যাহ্বান হিচাপে ল’ব লাগে৷ যদি বিজেপি চৰকাৰ নহ’লহেঁতেন তেন্তে লুঙী পৰিহিত বংগীয় মুছলমানৰ দ্বাৰা পৰিচালিত চৰকাৰ হ’লহেঁতেন৷ খিলঞ্জীয়াই এনে এক পৰিৱেশৰ সৃষ্টি কৰিব লাগিব যাতে বদৰুদ্দিন আজমলে মূৰ তুলি খিলঞ্জীয়াৰ ফালে চাব নোৱাৰে৷

You might also like