নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষেধাজ্ঞা অমান্যৰে হাতীশিলাত পাহাৰ খনন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত একাংশ অসাধু লোকে বক্র পথেৰে পাহাৰ খননৰ অনুমতি উলিয়াই অবাধ হাৰত পাহাৰ খনন কৰি অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ শেহতীয়াকৈ ঐতিহাসিক হাতীশিলা গণেশ মন্দিৰৰ সমীপত তৌচিফ হুছেইন ৰেজা নামৰ লোকজনে গুৱাহাটী বন্যপ্রাণী সংমণ্ডল প্রাধিকাৰীৰে গোপন বুজাবুজি কৰি ৪.৫ বিঘা ভূমিত মাটি পূৰ কৰাৰ অনুজ্ঞা–পত্র উলিয়ায়৷ আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ কাষত থকা ঐতিহাসিক হাতীশিলা মন্দিৰৰ সমীপত থকা ১৫১নং দাগৰ ৭২নং পট্টাৰ ৪.৫ বিঘা ভূমিত পাহাৰ খনন কৰাৰ লগতে শিল আৰু ছেগুনকে ধৰি বহু মূল্যৱান গছ–গছনি কাটি তহিলং কৰে৷ ৰাইজৰ অভিযোগৰ ভিত্তিত পূব কামৰূপ বন সংমণ্ডল প্রাধিকাৰীৰ নির্দেশত অবৈধভাৱে তৌচিফ হুছেইন ৰেজা নামৰ লোকজনে পাহাৰ খনন কৰি থকা ভূমি ছীল কৰে৷ লগতে বন বিভাগৰ দলটোৱে পাহাৰ খননত ব্যৱহূত এখন ফকলেন আৰু এখন ট্রেক্টৰ জব্দ কৰে৷ পূব কামৰূপ বন সংমণ্ডলৰ ৰেঞ্জাৰ হেমন্ত অধিকাৰীয়ে জানিবলৈ দিয়া মতে, তৌচিফ হুছেইন ৰেজা নামৰ লোকজনক গুৱাহাটী বন্যপ্রাণী সংমণ্ডল প্রাধিকাৰীয়ে মাটি পূৰ কৰাৰ এখন অনুজ্ঞা–পত্র প্রদান কৰিছিল৷ এই অনুজ্ঞা–পত্রখনৰ বিপৰীতে এতিয়ালৈকে চৰকাৰে কোনো ৰাজহ লাভ কৰা নাই৷ সম্প্রতি পাহাৰ খননত ব্যৱহূত ফকলেন আৰু এখন ট্রেক্টৰ জব্দ কৰা হৈছে৷ তদন্তৰ পিছতহে পাহাৰ খননৰ অনুজ্ঞা–পত্র প্রদানৰ বিষয়টো পোহৰলৈ আহিব৷ উল্লেখ্য যে পৰিৱেশ সংবেদনশীল এলেকাৰ অন্তর্গত অঞ্চলত পাহাৰ খননৰ অনুমতি বন্যপ্রাণী সংমণ্ডল প্রাধিকাৰীয়ে দিবলৈ হ’লে পৰিৱেশ সংবেদনশীল ব’ৰ্ডৰ অনুমতি আৰু আয়ুক্তৰ অনুমতিৰ প্রয়োজন৷ মহানগৰ জিলা আয়ুক্তৰ অনুমতি অবিহনে গোপন লেনদেনৰ ভিত্তিত গুৱাহাটী বন্যপ্রাণী সংমণ্ডল প্রাধিকাৰীয়ে তৌচিফ হুছেইন ৰেজাক পাহাৰ খননৰ অনুমতি প্রাদন কৰিছিল৷ পূব কামৰূপ বন সংমণ্ডলৰ প্রাধিকাৰীৰ অজ্ঞাতে গুৱাহাটী বন্যপ্রাণী সংমণ্ডল প্রাধিকাৰীয়ে পাহাৰ খননৰ অনুমতি দিয়া বিষয়টোৰ উচ্চ পর্যায়ৰ তদন্ত কৰিলে সকলো কথা পোহৰলৈ আহিব৷

You might also like