নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেৰাপানীত ভাৰতীয় ষ্টেট বেংকৰ নতুন শাখা উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ

বিশেষ বাৰ্তা, ১৬ জুনঃ ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূব মণ্ডলৰ ৮১৫নং শাখা আৰু যোৰহাট ৰিজনৰ ৫৫সংখ্যক মেৰাপানী শাখাটিৰ আজি শুভাৰম্ভ কৰে মন্ত্ৰী অজন্তা নেওগে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূব মণ্ডলৰ মহাপ্ৰবন্ধক ধ্ৰুৱ চৰণ বাল, উপ-মহাপ্ৰবন্ধক সুৰভী ভট্টাচাৰ্য্য, ক্ষেত্ৰীয় প্রবন্ধক অনুৰাগ অৰ্পন। অনুষ্ঠানত ভাৰতীয় ষ্টেট বেংকৰ উচপদস্থ বিষয়া-কৰ্মচাৰীসকলৰ উপৰি স্থানীয় গণ্যমান্য ব্যক্তি পোনা বৰা, নিৰঞ্জন সন্দিকৈ, কেশৱ শইকীয়া, আব্দুল মালিক তথা অঞ্চলবাসী উপস্থিত থাকে। আজিৰ এই শাখাটি উদ্বোধনী অনুষ্ঠানৰ লগতে ভাৰতীয় ষ্টেট বেংকৰ অহা ৩০ জুনলৈকে অনুষ্ঠিত হৈ থকা ডিপজিট মহোৎসৱৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰা হয়। ভাৰতীয় ষ্টেট বেংকৰ শাখা উদ্বোধন কৰি মন্ত্ৰী অজন্তা নেওগে কয় যে তেওঁ ব্যক্তিগতভাৱে দীঘলীয়া সময়ৰ পৰা এই অঞ্চলত ভাৰতীয় ষ্টেট বেংকৰ শাখা খুলিবলৈ চেষ্টা কৰি আহিছিল, আৰু তেওঁ অনুভৱ কৰে যে মেৰাপানীত ভাৰতীয় ষ্টেট বেংকৰ এটা শাখাৰ প্ৰয়োজনীয়তা আছিল। ভাৰতীয় ষ্টেট বেংকৰ এই শাখাই অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰিলে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অঞ্চলটোৰ এক বহু দিনীয়া দাবী আজি বিত্তমন্ত্ৰীৰ প্ৰচেষ্টাত মেৰাপানীত উদ্বোধন হোৱাত অঞ্চলবাসীয়ে ভাৰতীয় ষ্টেট বেংকৰ প্ৰশাসনক ধন্যবাদ জনায়।

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like