নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত হস্তক্ষেপ কৰিলে আমেৰিকা-ইজৰাইলৰ দৰে প্রত্যাক্রমণত সক্ষম ভাৰতঃ কর্ণাটক চৰকাৰৰ অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ৪ মেঃ সীমান্তত হস্তক্ষেপ কৰিলে আমেৰিকা যুক্তৰাষ্ট্র আৰু ইজৰাইলৰ দৰে প্রত্যাক্রমণ কৰিবলৈ সক্ষম হৈছে ভাৰত৷ এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷ কর্ণাটক চৰকাৰৰ এক অনুষ্ঠানত অংশগ্রহণ কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে পূর্বৰ কংগ্রেছৰ চৰকাৰৰ দিনত নিৰাপত্তা আৰু সুৰক্ষা ব্যৱস্থাত যি শিথিলতা আছিল তাৰ বিপৰীতে নৰেন্দ্র মোদী প্রধানমন্ত্রী হোৱাৰ পিছত পৰিস্থিতি সলনি হৈছে৷ এতিয়া সীমান্তত কোনো দেশে হস্তক্ষেপ কৰিলে তেনে দেশৰ বিৰুদ্ধে সীমান্তৰ সিপাৰলৈ গৈ আক্রমণ কৰিবলৈও সক্ষম হৈছে৷ গৃহমন্ত্রীগৰাকীয়ে জম্মু–কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০, ৩৫ (ক) প্রত্যাহাৰৰ প্রসংগ উল্লেখ কৰাৰ লগতে নতুন ৰাষ্ট্রীয় শিক্ষানীতি সন্দর্ভতো বক্তব্য আগবঢ়ায়৷

You might also like