মই যাৰ লগত আছো ১০০% আছোঁ, যাৰ লগত নাই ১% নাই
📌গুপ্তেশ্বৰ দেৱালয়ৰ মহাশিৱৰাত্ৰি মহামেলাত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ
বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ “মিঞাবিলাকক দোকান দিবলৈ দিয়া নহ’ব। মিঞাক দিলে নহ’ব আমাৰ ল’ৰাবিলাকক দিয়ক। হিন্দু উৎসৱত মিঞা কেনেকৈ সোমাব৷ ঈদতটো আমাৰ ল’ৰা নোসোমায়৷ সকলোৰে নিজৰ খাদ্য আছে, পোছাক আছে, পৰম্পৰা আছে, আপুনি যাক পূজা কৰে সেইটো সিহঁতে খায়। আকৌ সিহঁতক মেলাত দোকান পাতিবলৈ দিয়ে। এইটো মোৰ সমষ্টিত নচলিব৷ এইটো বুজি ল’ব। নহ’লে মোৰ লগত উদ্যাপন সমিতিৰ কাজিয়া লাগি যাব। মোৰ কথা চিধাচিধি৷ মোৰ ভোটৰ লগত কথা নাই। মই যাৰ লগত আছো ১০০% আছো যাৰ লগত নাই ১% নাই। গতিকে মই মিঞাৰ লগত নাই ৷ মই যুদ্ধ কৰি আছো আপোনালোকে যদি সাহস নিদিয়ে কেনেকৈ হ’ব। স্বাস্থ্যমন্ত্ৰী হিচাপে মোৰ এইটো দায়িত্ব যে সকলোকে চিকিৎসা সেৱা প্ৰদান কৰা৷ সি হিন্দুৱেই হওক বা মুছলমান। কিন্তু সংস্কাৰ আৰু সংস্কৃতিৰ কথা যেতিয়া আহিব৷ যি মোৰ সংস্কাৰ আৰু সংস্কৃতিক বিশ্বাস কৰিব মই তেওঁৰ লগত থাকিম৷ মই যাক পূজা কৰো আৰু সিহঁতে যাক খায় ৷ তাৰ লগতটো মই থাকিব নোৱাৰো৷ গৰুক আমি শ্ৰদ্ধা কৰো৷ গৰু নন্দী বাবাৰ বাহন। গৰুক বধ কৰি খোৱা মানুহে কেনেকৈ এই উৎসৱত অংশগ্ৰহণ কৰিব৷ ইমান Secular হ’ব নালাগে নহয়। আপোনাৰ ঘৰত আপুনি থাকক মোৰ ঘৰত মোক থাকিব দিয়ক ৷” অলৌকিকতাৰে পৰিপূৰ্ণ অতি জাগ্ৰত শিৱ মন্দিৰ ঢেকীয়াজুলিৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীগুপ্তেশ্বৰ দেৱালয়ত ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মহাশিৱৰাত্ৰিৰ মহামেলাত উপস্থিত হৈ ইতিহাসপ্ৰসিদ্ধ শিৱমন্দিৰটি দৰ্শন কৰি স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে এনেদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয়ত ২৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈকে ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰিৰ মহামেলা৷ উল্লেখ্য যে এই মন্দিৰভাগ অসমৰেই নহয় ভাৰতবৰ্ষৰ ভিতৰত এক উল্লেখযোগ্য তীৰ্থস্থান। মহাশিৱৰাত্ৰিৰ সময়ত দেশৰ ভিন্ন প্ৰান্তৰ পৰা মনোকামনা পূৰণৰ মানসেৰে তীৰ্থযাত্ৰীসকল অহাৰ উপৰি নেপাল, ভূটান ইত্যাদি বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰাও যথেষ্ট পৰিমাণে তীৰ্থযাত্ৰী আহি লোকে লোকাৰণ্য হৈ পৰে মন্দিৰ প্ৰাঙ্গণ। শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰা ১২ কিলোমিটাৰ দূৰত্বত প্ৰাচীন পুৰাতাত্বিক কীৰ্তি চিহ্নৰে ভৰপূৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মবৃত্তান্তৰ লগত নিৱিড়ভাৱে জড়িত শিঙৰী পাহাৰৰ নামনিত পাহাৰৰ গাতে লাগি থকা এটা গুহাৰ ভিতৰত শিৱলিংগৰ ওপৰত প্ৰাচীন শিলেৰে নিৰ্মিত উক্ত শ্ৰীশ্ৰীগুপ্তেশ্বৰ দেৱালয়ত ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মহাশিৱৰাত্ৰিৰ মহামেলাভাগি সাফল্যমণ্ডিত কৰি তুলিবলৈ শ্ৰীশ্ৰীগুপ্তেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ সভাপতি তুলসী বৰঠাকুৰ, মুখ্য সম্পাদক গোপাল আচাৰ্যৰ লগতে শ্ৰীশ্ৰীগুপ্তেশ্বৰ দেৱালয় মেলা পৰিচালনা সমিতিৰ সভাপতি বগীৰাম বড়ো আৰু সম্পাদক চনি দৈমাৰীয়ে বিনম্ৰতাৰে অনুৰোধ জনাইছে ৷
প্ৰেৰক কল্পজ্যোতি নাথ