নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোন্দাজান পাম্পিং ষ্টেচন উদ্বোধন মন্ত্রী অশোক সিংহলৰ

🔹 গুৱাহাটীৰ কৃত্রিম বান সমস্যা সমাধানৰ দিশত উল্লেখযোগ্য পদক্ষেপ

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : অসম চৰকাৰৰ গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ মন্ত্রী অশোক সিংহলে আজি গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ অধীনত আৰু গৃহ নির্মাণ তথা নগৰ পৰিক্রমা বিভাগৰ তত্ত্বাৱধানত বোন্দা শ্লুুইচ গেটৰ সমীপত নির্মিত বোন্দাজান পাম্পিং ষ্টেচনটোৰ শুভ উদ্বোধন কৰে৷ ষ্টেচনটোৱে গুৱাহাটীৰ কৃত্রিম বান সমস্যা সমাধানৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ প্রকল্পটো উদ্বোধন কৰি মন্ত্রী সিংহলে কয় যে ইয়াৰ দ্বাৰা বোন্দা শ্লুইচ গেটৰ পাম্পিং ক্ষমতা যথেষ্ট বৃদ্ধি পাব আৰু অতিৰিক্ত পানী ব্রহ্মপুত্র নদীলৈ ঘূৰাই অনাৰ মাধ্যমেৰে মহানগৰীৰ পানী জমা হোৱা সমস্যা ফলপ্রসূভাৱে লাঘৱ হ’ব৷ এই পদক্ষেপে গুৱাহাটীৰ জনসাধাৰণে সন্মুুখীন হৈ অহা কৃত্রিম বানৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ দিশত যথেষ্ট সকাহ প্রদান কৰিব৷ চৰকাৰী আঁচনিসমূহত নাগৰিকৰ সক্রিয় অংশগ্রহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মন্ত্রী সিংহলে সকলো বাসিন্দাক মহানগৰীৰ পৰিষ্কাৰ–পৰিচ্ছন্ন ক্ষেত্রত অৰিহণা যোগাবলৈ আহ্বান জনায়৷ তেওঁ ‘‘স্বচ্ছতাই সেৱা’’ অভিযানৰ কথা উল্লেখ কৰি অহা ১ অক্টোবৰৰ পুৱা ১০ বজাত স্বচ্ছতা অভিযানৰ বাবে এঘণ্টা সময় উছর্গা কৰিবলৈ নাগৰিকসকলৰ প্রতি আহ্বান জনায়৷ নৱনির্মিত পাম্পিং হাউছটোৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে নির্দিষ্ট লাইনৰ সৈতে দুটা ৫০০ কেভিএ ট্ৰেন্সফর্মাৰৰ ব্যৱস্থা, যিয়ে সুস্থিৰ শক্তি যোগান নিশ্চিত কৰে৷ ইয়াৰ উপৰি এই প্রকল্পত ১৫০০ মিটাৰ দীঘল বোন্দাজান চেনেলৰ সম্প্রসাৰণ আৰু খনন, চেনেলৰ কাষৰ বেদখল আঁতৰোৱা আৰু উজনি অংশত ২০০০ বর্গমিটাৰ এলেকাৰ পানীৰ জলাশয় খনন আদিকো অন্তর্ভুক্ত কৰা হৈছে৷ নগৰাঞ্চলৰ আন্তঃগাঁথনি আৰু ইয়াৰ বাসিন্দাসকলৰ সামগ্রিক জীৱনৰ মান উন্নত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতা প্রদর্শন কৰি বোন্দাজান পাম্পিং ষ্টেচন গুৱাহাটীৰ কৃত্রিম বান সমস্যাৰ বিৰুদ্ধে যুঁজত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্ণিত হ’ব বুলি আশা কৰিব পাৰি৷ আজিৰ অনুষ্ঠানত জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, জি এম ডি এৰ মুখ্য কার্যবাহী বিষয়া অনবামুথন এম পি, উপাধ্যক্ষ মুকুতা ডেকা, অসম মীন উন্নয়ন নিগম লিমিটেডৰ উপাধ্যক্ষ নৱাৰুণ মেধিৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে৷

You might also like