ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ প্ৰস্তুতঃ হোজাইৰ বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী অতুল বৰাই
নিয়মীয়া বাৰ্তা, ১৯ মেঃ বিগত কেইবাদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণে ৰাজ্যখনৰ বহু অঞ্চল প্লাৱিত কৰি তোলাৰ লগতে ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে। সেই অনুসৰি আজি হোজাইৰ বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী অতুল বৰাই। জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পিছতেই হোজাইৰ কেইবাটাও প্লাৱিত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। এই পৰিদৰ্শন কালত উত্তৰ ৰাধানগৰ ১নং প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত ৰাইজৰ লগত বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লোৱাৰ লগতে বন্যাৰ্তৰ বাবে অত্যাৱশ্যকীয় সকলো সা-সুবিধা নিশ্চিত কৰিবলৈ প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। লগতে এনডিআৰএফ আৰু এছডিআৰএফ বিষয়াসকলৰ সৈতেও বাৰ্তালাপ কৰি সাহায্য তথা উদ্ধাৰ অভিযানৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন বান পৰিস্থিতিৰে সম্পূৰ্ণৰূপে মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ আছে। আজিৰ পৰিদৰ্শন কালত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক প্ৰমুখ্যে জিলা প্ৰশাসনৰ আন বিষয়াসকল, ভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।