নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ শিঙিমাৰীত পশু চিকিৎসা আৰু ৰাষ্ট্ৰীয় পশুধন ৰোগ নিৰ্মূল আঁচনিৰ শুভৰাম্ভ মন্ত্ৰী অতুল বৰাৰ

  • গৰু বিহুৰ পূৰ্বে পশুপালন আৰু পশু চিকিৎসা বিভাগে এনে আঁচনি মুকলি কৰি গোধনক সুুৰক্ষিত কৰিব বিচাৰিছে- ৰঞ্জিৎ ভট্টাচাৰ্য
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাকৰকোনা কামৰূপ জিলা পশুপালন ও পশু চিকিৎসা বিভাগৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ কৃষক মৰ্চাৰ সহযোগত বিনামূলীয়া পশু চিকিৎসা আৰু ৰাষ্ট্ৰীয় পশুধন ৰোগ নিৰ্মূল আঁচনিৰ শুভাৰম্ভ কৰে বিভাগীয় মন্ত্ৰী অতুল বৰাই। আঁচনিখন মুকলি কৰি মন্ত্ৰী বৰাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এই পশু ধনৰ ৰোগ নিৰ্মূল আঁচনিৰ জৰিয়তে কৃষক ৰাইজ যথেষ্ট উপকৃত হব বুলি উল্লেখ কৰি কয় যে এই আঁচনিয়ে গ্ৰামাঞ্চলৰ চহা কৃষক সকলক যথেষ্ট উপকৃত কৰিব ৷ এই অভিযানৰ উদ্যোগ গ্ৰহণ কৰাৰ বাবে বিজেপি অসম প্ৰদেশৰ কৃষক মৰ্চাৰ সভাপতি শ্ৰী দেৱজিৎ বৰা, উপ-সভাপতি শ্ৰী ৰঞ্জিত ভট্টাচাৰ্য প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল শলাগৰ যোগ্য। এই অভিযানৰ অংশ হিচাপে আজি গৰুৰ টিকাকৰণ সম্পন্ন কৰাৰ লগতে পশুপালকসকলৰ মাজত পশুধনৰ যাৱতীয় ঔষধ বিতৰণ কৰা হয়।
ইপিনে অসমত পশুধন খণ্ডৰ বিকাশৰ অপৰিসীম সম্ভাৱনা আছে আৰু এই খণ্ডটোৱে আমাৰ যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ অধিক পথো প্ৰশস্ত কৰিব পাৰে। সেয়েহে, পশুপালন আৰু পশু চিকিৎসা বিভাগে এই খণ্ডৰ বিকাশ আৰু আমাৰ পশুপালকসকলৰ কল্যাণ তথা সমৃদ্ধি নিশ্চিত কৰাৰ বাবে বিভিন্ন আঁচনি আৰু নীতি ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰি আছে বুলি মন্তব্য কৰে মন্ত্ৰী বৰাই।

আজিৰ এই আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব তথা অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ কিষান মৰ্চাৰ উপ-সভাপতি ৰঞ্জিৎ ভট্টাচাৰ্যই গৰুবিহুৰ পূৰ্বে পশুপালন আৰু পশু চিকিৎসা বিভাগে এই আঁচনিখন মুকলি কৰি গোধনক সুৰক্ষিত কৰিব বিচৰা কাৰ্য অতি প্ৰশংসনীয় বুলি উল্লেখ কৰে ৷ তেওঁ পুনৰ কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সদায় কৃষক ৰাইজক উপকৃত কৰাৰ চিন্ত চৰ্চা কৰি থাকে ৷ যাৰফলত পূৰ্বৰ তুলনাত আজিৰ কৃষক সকল যথেষ্ট সৱল হৈছে ৷ কৃষি পথাৰত ব্যস্ত হৈ কৃষক সকলে কৃষি সামগ্ৰী উৎপাদন গুৰুত্ব দিলে কৃষিৰ শষ্য উৎপাদনত অসমৰ স্হান সুকীয়া হোৱাৰ সম্ভাৱনা আছে ৷ তেওঁ কৃষক সকলক গোধন সমুহক বেমাৰ আজাৰৰ পৰা মুক্ত ৰখাৰ যত্ন অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷
আজিৰ এই অনুষ্ঠানত আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক ইন্দিৰা কলিতা, জিলা পশু চিকিৎসা বিষয়া, অন্যান্য বিষয়াসকল, পশু চিকিৎসকসকল, পশুপালকসকল আৰু স্থানীয় ৰাইজ।

দিলীপ মেধি, শুৱালকুছি ৷

You might also like