নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত মন্ত্ৰী অতুল বৰাৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২ জুলাই : অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাৰ পৃষ্ঠপোষকতাত দেওবাৰে বোকাখাত সমষ্টিৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা আৰু অভিনন্দন জনোৱা হয় ৷ বোকাখাতৰ নাট্যমন্দিৰত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত চলিত শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমষ্টিটোৰ মুঠ ১১৬৮গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰে ৭৮৯গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু ৩৭৯গৰাকী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৷ মন্ত্ৰী অতুল বৰাই এইসকল কৃতী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, গছপুলি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়৷
স্থানীয় জে ডি এছ জি মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰবক্তা অতুল বেজবৰুৱাৰ পৰিচালনাত পৰিৱেশন কৰা অসম সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত গোলাঘাট জিলাৰ আয়ুক্ত ডা৹ পি উদয় প্ৰবীণ, গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্কিন জৈন, মহকুমাধিপতি ডা৹ নেহা যাদৱ, মহকুমা আৰক্ষী বিষয়া ৰেণুকুন্তলা শীতল কুমাৰ, সমষ্টিটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী, ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ লগতে বোকাখাতৰ বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে ৷ অনুষ্ঠানত আমন্ত্ৰিত ব্যক্তিসকলক ফুলাম গামোচা আৰু একোটাকৈ গছপুলিৰে আদৰণি জনোৱা হয় ৷ অনুষ্ঠানতে ভাৰতীয় অসামৰিক সেৱাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নামৰূপৰ মানস জ্যোতি দাসকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত পথ সুৰক্ষাৰ এখন সজাগতা নাটক, সমৱেত সংগীতৰ লগতে বৰ্যাগ্নী ডেকাৰ বাঁহীবাদনেৰে পৰিৱেশ সুন্দৰ কৰি তোলে ৷ ২০১৭ চনৰে পৰা চলি অহা কৃতী ছাত্ৰ-ছাত্ৰীৰ এই সম্বৰ্ধনা অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই ৷ আদৰণী ভাষণৰ পিছতে আমন্ত্ৰিত ব্যক্তিসকলে কৃতী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি উপদেশমূলক ভাষণ প্ৰদান কৰে ৷ আমন্ত্ৰিত অতিথিসকলৰ সহযোগত মন্ত্ৰী অতুল বৰাই ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায় ।

প্ৰেৰক সুদীপ্ত তামুলী

You might also like