নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ গাহৰি পালকে পাব ক্ষতিপূৰণ : মন্ত্রী বৰা

আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্রমণ

নিয়মীয়া বাৰ্তা, ১৩ মে’ : আফ্রিকান ফিভাৰৰ সংক্রমণে ৰাজ্যৰ গাহৰিপালকসকলৰ বাবে অমনিশা নমাই আনিছে ৷ ইতিমধ্যে অসমত ১৩ হাজাৰৰো অধিক গাহৰিৰ মৃত্যু হৈছে ৷ এনে পৰিস্থিতিত ব্যাপক লোকচানৰ সন্মুখীন হোৱা গাহৰিপালকসকলক সকাহ দিবৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিব ৰাজ্যৰ পশুপালন বিভাগে ৷ মঙলবাৰে কৃষি তথা পশুপালন বিভাগৰ মন্ত্রী অতুল বৰাই এক টুইটযোগে সদৰী কৰে যে লোকচানৰ সন্মুখীন হোৱা গাহৰিপালকসকলক চৰকাৰে বিশেষ ক্ষতিপূৰণ প্রদান কৰিব৷ ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰৰ লগত বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰি থকা হৈছে ৷

You might also like