নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বাদলৰ প্ৰাৰ্থনা সভাত অগপ সভাপতি অতুল বৰা

  • অগপ দলৰ শুভাকাংক্ষী আছিল প্ৰয়াত প্ৰকাশ সিং বাদল

নিয়মীয়া বাৰ্তা, ৪ মে’: পাঞ্জাবৰ পাঁচটাকৈ কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, শিৰোমণি আকালি দলৰ নেতা প্ৰকাশ সিং বাদলৰ মৃত্যু অকল পাঞ্জাবেই নহয়, সমগ্ৰ দেশৰ বাবেই এক অপূৰণীয় ক্ষতি। অসম গণ পৰিষদ দলৰ সৈতেও তেখেতৰ আছিল ঘনিষ্ঠ সম্পৰ্ক। আজি প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ নিজ গাঁও পাঞ্জাবৰ মুক্তচৰৰ বাদল গাঁওত অনুষ্ঠিত এখন প্ৰাৰ্থনা সভাত অংশগ্ৰ্হণ কৰি এইদৰে প্ৰকাশ কৰে অসম গণ পৰিষদ দলৰ সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা, ধৰ্মীয় গুৰু, প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ সদস্য আদিৰ উপস্থিতিত অনুষ্ঠিত প্ৰাৰ্থনা সভাখনত মন্ত্ৰী বৰাই পুনৰ কয় যে, প্ৰকাশ সিং বাদলে আজীৱন পাঞ্জাব তথা দেশৰ কৃষক আৰু দৰিদ্ৰ শ্ৰেণীৰ হিতৰ বাবেই কাম কৰি গ’ল। বাদলৰ দূৰদৰ্শী নেতৃত্ব আৰু আত্মোৎসৰ্গৰ মনোভাৱে শিৰোমণি আকালি দলক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে সেয়া অগপ দলৰ বাবেও প্ৰেৰণাদায়ক আছিল বুলি বৰাই মন্তব্য কৰে। অসম্ গণ পৰিষদ দলৰ এগৰাকী শুভাকাংক্ষী প্ৰকাশ সিং বাদলৰ অসমৰ জনসাধাৰণৰ সৈতেও সুসম্পৰ্ক আছিল বুলি প্ৰাৰ্থনা সভাত বৰাই উল্লেখ কৰে। অগপ সভাপতি তথা মন্ত্ৰী বৰা, দলৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্ৰী মহন্ত, সাংঅসদ বৈশ্যই প্ৰয়াত বাদলৰ প্ৰ্তিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পাছত তেখেতৰ পুত্ৰ পাঞ্জাবৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখবীৰ সিং বাদ্ল আৰু পৰিয়ালৰ অন্য সদস্যসকলৰ সৈতে মিলিত হৈ বাদলৰ মৃত্যুত অগপ দলৰ হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

    

You might also like