নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদনত অখিলক বুঢ়া আঙুলি দেখুৱালে মন্ত্ৰী চন্দ্ৰমোহনে

🔹 সংখ্যালঘু উন্নয়নৰ পুঁজি ব্যৱহাৰত ব্যর্থতাক লৈ অসহায় মন্ত্রী পাটোৱাৰী

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ ছেপ্টেম্বৰ : সংখ্যালঘু বৃত্তি কেলেংকাৰি আৰু সংখ্যালঘু কল্যাণৰ বাবে কেন্দ্রীয় চৰকাৰে দিয়া পুঁজি ব্যৱহাৰত ব্যর্থতাক লৈ আজি সদনৰ মজিয়াত বিৰোধীৰ তীব্র সমালোচনাৰ সন্মুখীন হয় সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী৷ বিৰোধী বিধায়কসকলে উত্থাপন কৰা বিভিন্ন প্রশ্ণৰ সন্তোষজনক উত্তৰ দিব নোৱাৰাৰ অভিযোগ কৰি সদনৰ মজিয়াতে মন্ত্রী পাটোৱাৰীক তীব্র কটাক্ষও কৰে৷ আনকি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মন্ত্রী পাটোৱাৰীক উদ্দেশ্যি মন্ত্রীয়ে বেয়া উত্তৰ দিছে, আগেয়ে ভাল উত্তৰ দিছিল বুলি তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰে ৷ এটা সময়ত ধৈর্যচ্যুত হৈ মন্ত্রী পাটোৱাৰীয়ে সদনৰ মজিয়াতে অখিল গগৈক দুহাতৰ বুঢ়া আঙুলি প্রদর্শন কৰে৷ মন্ত্রী পাটোৱাৰীৰ এনে আচৰণৰ প্রতিবাদত কংগ্রেছ, ৰাইজৰ দল আৰু চিপিআই(এম)ৰ সদস্যসকলে সদন ত্যাগ কৰে৷ উল্লেখ্য যে আজি সদনৰ প্রশ্ণোত্তৰ কালত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্রশ্ণৰ আঁত ধৰি বিধায়ক জাকিৰ হুছেইন শিকদাৰ, আব্দুৰ ৰহিম আহমেদে সংখ্যালঘুৰ বৃত্তি কেলেংকাৰি সম্পর্কত কৰা প্রশ্ণৰ উত্তৰত মন্ত্রী পাটোৱাৰীয়ে কয় যে বর্তমান ছাত্র বৃত্তি আঁচনিৰ দুর্নীতি আৰু কেলেংকাৰিৰ তদন্ত চিআইডিত চলি আছে৷ এই কেলেংকাৰিত কিছু কলেজ আৰু বিদ্যালয়ৰ কর্মচাৰীক জড়িতৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰ বিপৰীতে বিধায়ক আব্দুৰ ৰহিম আহমেদে কয় যে সমগ্র দেশৰ লগতে অসমতো হোৱা এই ছাত্র বৃত্তি কেলেংকাৰিৰ তদন্ত চিবিআয়েও কৰি আছে৷ অসমত ২২৫খন ভুৱা শিক্ষানুষ্ঠানত ১৪৪ কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈছে৷ ভুৱা শিক্ষানুষ্ঠানৰ নামত বেংকত কেনেদৰে একাউণ্ট খুলিব পাৰিলে আৰু ইয়াত সংখ্যালঘু বিভাগৰ লগতে শিক্ষা বিভাগ, বেংকৰ কোন বিষয়া–কর্মচাৰী জড়িত, তেওঁলোককো চিনাক্ত কৰি ব্যৱস্থা ল’বলৈ দাবী জনায়৷ সেইদৰে কেন্দ্রীয় চৰকাৰে ২০২১–২২ বর্ষত ৫,১৫৬.৪৬ লাখ টকা আৰু ২০২২–২৩ বর্ষত ১৬,১৩০.৪৯ লাখ টকা পিএমজেভিকে আঁচনিৰ অধীনত মোকলাই দিয়াৰ পাছতো সেই পুঁজি অব্যৱহৃত হৈ থকাত বিধায়ক আহমেদে ক্ষোভ প্রকাশ কৰি কয় যে আজিলৈ ১৭খন জিলাই আঁচনিয়ে জমা দিয়া নাই৷ ২০১৭–১৮ বর্ষৰ পাছত আজিলৈকে বৰপেটা জিলাত কোনো আঁচনি দিয়া হোৱা নাই৷ এনে নির্বিকাৰ ভূমিকাৰ বাবে তেওঁ সংখ্যালঘু কল্যাণ বিভাগক তীব্র সমালোচনা কৰে৷ ইয়াৰ উত্তৰ দিবলৈ গৈ মন্ত্রী পাটোৱাৰীয়ে ২০০৮ চনৰ পৰা ধন ব্যৱহাৰৰ প্রমাণ পত্র জিলাসমূহৰ পৰা অহা নাই বুলি উল্লেখ কৰাত বিৰোধী বিধায়কসকল অধিক জাঙুৰ খাই উঠে৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰকে ধৰি বিভিন্নজনে ধন ব্যৱহাৰৰ প্রমাণ পত্র উপায়ুক্তৰ পৰা সংগ্রহ কৰাটো চৰকাৰৰ কাম বুলি মন্তব্য কৰি এইক্ষেত্রত হেমাহি কৰা উপায়ুক্তৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা কিয় নলয় বুলিও প্রশ্ণ কৰে৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াই সংখ্যালঘু কল্যাণ বিভাগৰ আঁচনি আৰু কাম–কাজসমূহ পুনৰীক্ষণ কৰাৰ লগতে গ্রহণযোগ্য আঁচনি গ্রহণ কৰিবলৈ পৰামর্শ আগবঢ়ায়৷

You might also like