নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত বান পৰিস্থিতিৰ পৰ্যালোচনা বৈঠক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ২৮ জুন: জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি কাছাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত শিলচৰ আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলৰ বান পৰিস্থিতিৰ বিষয়ে এখন পৰ্যালোচনা বৈঠক সম্বোধন কৰে। তেওঁ জিলা উপায়ুক্ত, জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াসকলৰ পৰা অঞ্চলটোৰ বান পৰিস্থিতিৰ পুংখানুপুংখ বুজ লয়। বানপীড়িত ৰাইজলৈ সাহায্য সামগ্ৰীৰ সঠিক যোগান আৰু বিতৰণ, পশু খাদ্য যোগান, বিদ্যুতৰ পুনৰ যোগান, প্ৰয়োজনীয় ঔষধৰ যোগান, বানপীড়িত লোকৰ উদ্ধাৰ কাৰ্য আৰু লগতে ক্ষতিগ্ৰস্ত সকলৰ সম্পত্তিৰ সঠিক মূল্যায়ন সুনিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট সকলো বিভাগক এক সমন্বয়ৰ মাজেৰে কাম কৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে কয় – “এয়া এক নজিৰবিহীন ঘটনা, এই জিলাখনে ইয়াৰ আগতে কেতিয়াও এনেকুৱা ধৰণৰ ভয়ংকৰ বানৰ কবলত পৰা নাছিল। এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰতিটো বিভাগৰ বিষয়াসকলে সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু সম্পূৰ্ণ ব্যৱস্থাটোক আৰু অধিক সুচাৰুৰূপে পৰিচালিত কৰাৰ স্বাৰ্থত কিছু কিছু ক্ষেত্ৰত কিছুমান শুধৰণিৰ প্ৰয়োজনীয়তা আছে।” তেওঁ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগক প্ৰয়োজনীয়তা অনুসাৰে আৰু অধিক অস্থায়ী শৌচাগাৰ আৰু আপাতকালীন দমকলৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। প্ৰতিজন বানাক্ৰান্ত ৰাইজেই যাতে বান সাহাৰ্য্য লাভ কৰে তাক নিশ্চিত কৰিবলৈ তেওঁ বিষয়াসকলক সূক্ষ্ম পৰ্যায়ত নিৰীক্ষণ কৰিবলৈ কয়। লগতে তেওঁ শিশু খাদ্যৰ ব্যৱস্থাটোক স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰ পৰা প্ৰস্তুত কৰি তাৰ দ্ৰুততাৰে বিতৰণ কৰাৰ কথা উল্লেখ কৰে। লগতে তেওঁ যোগাযোগ বিচ্ছিন্ন হোৱা ঠাইবোৰলৈ NDRFক নাৱৰ যোগেৰে সাহাৰ্য্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। এই পৰিদৰ্শন আৰু সভাৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ ৰাজদীপ ৰয়, বিধায়ক কৌশিক ৰায়, উপায়ুক্ত কীৰ্তি জল্লি আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

You might also like