নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ জুনৰ পৰা ২৫ জুনলৈ কামাখ্যা ধামত অম্বুবাচীঃ প্ৰস্তুতিৰ বুজ ললে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ সমাগত অম্বুবাচী মেলাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ বহুকেইটা গাইডলাইন ষোষণা কৰা হৈছে। আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সকলো দিশৰ কথা আলোচনা কৰি আগন্তুক অম্বুবাচী সুকলমে পাৰ হোৱাৰ কামনা কৰে। সেই অনুসৰি কোভিডৰ সাময়িক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেৱল ধাৰ্মিক নিয়মাৱলীৰ বাদে অম্বুবাচী মেলাত বাকী অনুষ্ঠানসমূহ যেনে শুভাৰম্ভণি অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে আন বছৰৰ দৰে কোনোধৰণৰ প্ৰচাৰ কাৰ্য্যও এইবাৰ কৰা নাযাব। অম্বুবাচী উপলক্ষে কামাখ্যা ধামলৈ অহা ভক্তসকলৰ থকা খোৱাৰ ব্যৱস্থা আগৰ দৰেই কৰা হ’ব। লগতে মাছখোৱাৰ পুৰণি জেইল কেম্পাচ, কামাখ্যা ষ্টেচন, বড়িপাৰা খেলপথাৰ আৰু পুৰণি মালিগাঁও ষ্টেচন চৌহদত অম্বুবাচী উপলক্ষে মা কামাখ্যালৈ অহা ৩০ সহস্ৰাধিক তীর্থযাত্ৰীক বিগত বছৰবোৰৰ দৰেই আৱাস তথা আপ্যায়ণৰ প্ৰস্তুতি চলি আছে। আনহাতে স্বচ্ছতাৰ ওপৰত এইবেলি বিশেষভাবে মনোনিৱেশ কৰা হৈছে। এইবাৰ পাহাৰৰ ওপৰলৈ আৱশ্যকীয় সেৱাৰ বাহিৰে কোনো ব্যক্তিগত যান বাহন উঠিবলৈ দিয়া নহ’ব। লগতে কোনো Car Passৰ ব্যৱস্থা এইবাৰ কৰা হোৱা নাই। সেইদৰে কামাখ্যাৰ মূল পথ, পাণ্ডূৰ পৰা কামাখ্যালৈ যোৱা পথ আৰু মেখেলা উজোৱা পথেৰে খোজ কাঢ়িয়ে অম্বুবাচীৰ সময়ত কামাখ্যা পাহাৰলৈ যাব পাৰিব। মাথোঁ দিব্যাঙ্গ, জ্যেষ্ঠ নাগৰিক আৰু বিশেষ প্ৰয়োজনৰ তাগিদাতহে যাত্ৰীৰ বাবেহে বিশেষ ফেৰী বাছৰ ব্যৱস্থা কৰা হ’ব। সমগ্ৰ কামাখ্যা পাহাৰতেই স্বচ্ছতা, অনাময়, পোহৰ আৰু ধৰ্মীয় সংগীতৰ বিশেষ ব্যৱস্থা থাকিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহমৰ্মে নিবৃত্তিৰ দিনাখন মাৰ দুৱাৰ খোলাৰ লগে লগে কোনো VIP ক এইবাৰ দৰ্শনৰ অনুমতি দিয়া নহ’ব। সকলোৱে সাধাৰণ যাত্ৰীৰ দৰেই মাৰ দৰ্শন কৰিব লাগিব। মা কামাখ্যাৰ এই মেলাক সফল কৰিবলৈ সকলোকে চৰকাৰে লোৱা এই সিদ্ধান্তসমূহৰ লগত সহযোগ কৰিবলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আহ্বান জনায় ।

You might also like