নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত আতিথ্য প্ৰকল্পৰ স্থান পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

🔹 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক এই সংযোজনে নতুন মাত্ৰা প্ৰদান কৰিব: মন্ত্ৰী বৰুৱা

বিশেষ বাৰ্তা, ১১ মে’ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত উন্নত মানৰ আতিথ্যৰ সংযোজন কৰাৰ উদ্দেশ্য আগত ৰাখি নিৰ্মাণ হ’বলৈ গৈ থকা তিনিখন পঞ্চতাৰকা হোটেলৰ স্থান আজি পৰিদৰ্শন কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সৈতে কেলিডেন আৰু হাতীকুলি চাহ বাগিচাত IHCL (টাটা গ্ৰুপ)ৰ লগতে ৰংগাজান চাহ বাগিচাত হায়াট গোটৰ অংশীদাৰিত্বত পৰিকল্পিত বিশেষ আতিথ্য প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰি মন্ত্ৰী বৰুৱাই কয় যে অহা জুন বা জুলাইত এই তিনিওটা আতিথ্য প্ৰকল্পৰ শিলান্যাস সম্পূৰ্ণ কৰিবলৈ চৰকাৰে নিজৰ কাম-কাজ পূৰ্ণগতিত আগবঢ়াইছে।

যোৱা পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা অভূতপূৰ্ব পৰ্যটকৰ আগমনৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে চৰকাৰে কাজিৰঙাত পৰৱৰ্তী সময়ত নতুন নতুন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিছে। তদুপৰি কাজিৰঙাত বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰুৱাই ৰাষ্ট্ৰীয় উদ্যানখনত Mass tourismৰ পৰিৱৰ্তে Sustainable tourismৰ প্ৰসাৰ কৰাৰ কথা প্ৰকাশ কৰে। এই পৰিকল্পনাই জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ কৰাত সহায় কৰাৰ লগতে ইয়াৰ জৰিয়তে ৰাজহ সংগ্ৰহো বৃদ্ধি পাব বুলি মন্ত্ৰী বৰুৱাই মত প্ৰকাশ কৰে । তদুপৰি অভিলেখ সৃষ্টিকাৰী ৩.২৭ লাখ পৰ্যটকৰ আগমন আৰু ৮.৮ কোটি ৰাজহ আহৰণ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটন বিভাগটোৱে পৰৱৰ্তী সময়ত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে উৎকৃষ্ট অভিজ্ঞতা প্ৰদান কৰিবলৈ আৰু নতুন নতুন কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে।

You might also like