নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত বিজেপিৰ কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : দক্ষিণ কামৰূপ জিলা বিজেপিৰ নগৰবেৰা মণ্ডলৰ এক দলীয় কাৰ্যনিৰ্বাহক সভা আজি আবেলি অনুষ্ঠিত হয়। নগৰবেৰা তৰুণ সংঘ প্ৰাঙ্গণত সভাপতি গিৰিৰাজ তিমচিনাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত উপস্থিত থাকে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীকে প্ৰমুখ্য কৰি ভালেসংখ্যক দলীয় কৰ্মকৰ্তা উপস্থিত থকা সভাখনত কেইবাশ লোক উপস্থিত থাকে। ভাষণত মন্ত্ৰী বৰুৱাই মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপৰি জিলা আৰু সমষ্টিৰ দায়িত্বত থকা প্ৰতিগৰাকী কৰ্মী-সদস্যক ৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ সভাত সৰ্বস্তৰৰ ৰাইজক উপস্থিত কৰোৱাৰ ক্ষেত্ৰত তৎপৰ হ’বলৈ আহ্বান জনায়। সাংবাদিকৰ প্ৰশ্নোত্তৰত মন্ত্ৰীগৰাকীয়ে নগৰবেৰাত ব্যাপক হাৰত অব্যাহত থকা চৰকাৰী মাটিত অবৈধ বেদখল উচ্ছেদৰ ক্ষেত্ৰত অচিৰেই চৰকাৰে ব্যৱস্থা লোৱাৰো আশ্বাস দিয়ে। একেদৰে বৃহত্তৰ নগৰবেৰাৰ ৰাস্তা-ঘাটকে আদি কৰি প্ৰতিটো সমস্যাকেই পৰ্যায়ক্ৰমে সমাধানৰো ইংগিত দিয়ে মন্ত্ৰীগৰাকীয়ে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like