আমগুৰিত হঠাতে চাহৰ দোকানত সোমাল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ মাৰ্চঃ আজি শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত আমগুৰিত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। মন্ত্ৰীগৰাকীয়ে আমগুৰি চাৰিআলিত উপস্থিত হৈয়ে এখন চাহৰ দোকানত চাহৰ জুতি লয়। আকস্মিকভাৱে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চাহৰ দোকানত চাহৰ জুতি লোৱাৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজৰ সৈতে চৰকাৰৰ বিভিন্ন আঁচনি তথা কাম-কাজ সন্দৰ্ভত মত বিনিময় কৰে। উল্লেখ্য যে নিৰ্বাচনৰ এটা দিশ জনসম্পৰ্ক বিজেপিৰ প্ৰধান কাৰ্যসূচী। সেঅ অনুসৰি সকলোৰে সৈতে মত বিনিময় কৰি আছে বিজেপিৰ কাৰ্যকৰ্তাসকলে।