নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ৷ অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈ আছে৷- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ৷ সাংবাদিকৰ আগত ২০২৬ত চৰকাৰ গঠনৰ সপোন দেখা ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মানুহে সপোন দেখিব লাগে, কিন্তু সপোনবিলাক বাস্তৱ হোৱা সপোন দেখিব লাগে৷ বাংলাদেশী মুছলমান, যাক আমি মিঞা বুলি কওঁ, সেই মিঞাৰ ভোটেৰে সপোন দেখা মানুহ অসমত বহুত আছে৷ যেতিয়ালৈকে ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব থাকিব, অসমত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব থাকিব, তেতিয়ালৈকে মিঞাৰ সমৰ্থনত সপোন দেখা মানুহবিলাকৰ সপোনবিলাক বাস্তৱ নহয়৷ এইবিলাক বন্ধ কৰিবৰ কাৰণে আমি আছো, আমাৰ চৰকাৰ আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ আনহাতে, ’২৬ত বিৰোধীৰ চৰকাৰ হ’লে জলসম্পদ মন্ত্ৰী হ’ব শ্বেৰমান আলী আহমেদ! এই সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত ৰাজ্যৰ পৰৱৰ্তী চৰকাৰত মন্ত্ৰী হোৱাৰ সপোন দেখা শ্বেৰমান আলী আহমেদক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মিঞাৰ সহযোগিতাত যিয়ে সপোন দেখে, সেই সপোনবিলাক বাস্তৱ নকৰিবৰ কাৰণে আমাৰ চৰকাৰ৷ আমি যেতিয়ালৈকে থাকিম, সেই সপোন কেতিয়াও বাস্তৱ নহয়৷ আমি থকালৈকে মিঞাৰ ভোটেৰে মুখ্যমন্ত্ৰী হোৱা, মিঞাৰ ভোটেৰে মন্ত্ৰী হোৱা, মিঞাৰ ভোটেৰে কিংমেকাৰ হোৱা যি সপোন- এই সপোনবিলাক বাস্তৱ হ’বলৈ নিদিওঁ৷ অসমৰ ৰাইজে আমাক সেই কাৰণে দায়িত্ব দিছে বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে৷

You might also like