নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত বানপীড়িত এলেকা পৰিদৰ্শন কৰি মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা- বন্যাৰ্তই এমাহৰ ভিতৰতে পাব ক্ষতিপূৰণ 

নিয়মীয়া বার্তা, ২৯ জুন : ‘হোজাইৰ বানাক্ৰান্ত সকলে অহা এমাহৰ ভিতৰতে ক্ষতিপূৰণ লাভ কৰিব’- এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ। কালিৰে পৰা হোজাইত বাহৰ পাতি থকা মন্ত্ৰীজনে আজি পুৱাই হোজাইৰ কেইবাটাও বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। তাৰে ভিতৰতে হোজাই সমষ্টিৰ নভঙা, কেন্দুগুৰি, কোমোৰাকটা আদি বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ লগত মত বিনিময় কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত হোজাইৰ দ্বিতীয়টো বানত মৃত্যু হোৱা সাতজন লোকৰ পৰিয়ালক ইতিমধ্যে চাৰি লাখ কৈ টকাৰ চেক দিয়া হৈছে বুলি মন্ত্যব কৰে। উল্লেখ যে বানপানীত ক্ষতিগ্ৰস্ত হোৱা বাট পথ অতি সোনকালে মেৰামতি কৰি দিয়া হব আৰু ঘৰবাৰী আদিৰ মেৰামতিৰ বাবে অহা এক মাহৰ ভিতৰত ক্ষতিপূৰণ দিব বুলি মন্ত্ৰী জনে আশ্বাস দিয়ে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে কলি সন্ধ্যা অসম চৰকাৰৰ স্বাস্থ্য-পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই হোজাইত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় । সন্ধিয়া মন্ত্ৰী জনে হোজাইৰ যমুনামুখৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমন কৰে ৷ মন্ত্ৰীগৰাকীয়ে সৰুপথাৰ পৰা যমুনামুখ লৈ যোৱা বিধস্থ গড়কপ্তানী পথছোৱাৰে যমুনামুখলৈ গৈ বানত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় ৷ পাছত তেওঁ বানত তল যোৱা যমুনামুখ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসলয় পৰিভ্ৰমণ কৰে ৷ তেওঁ যমুনাগুৰি,যমুনা নৈৰ পাৰৰ আৰু কহাৰগাৱৰ কপিলী নৈৰ পাৰৰ বানত ভগা মাথাউৰি পৰিদৰ্শন কৰি বুজ লয় ৷ শীঘ্ৰে যমুনামুখৰ লগতে হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ অভাৱ অভিযোগ সমূহ নিৰুপনৰ প্ৰতিশ্ৰুতি দিয়ে ৷ লগতে যমুনামুখ সমষ্টিত দুবাৰকৈ হোৱা প্ৰলংকাৰী বনত হোৱ ক্ষতি গ্ৰস্থ লোকক অতি শীঘ্ৰে ক্ষতি পূৰণ দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে ৷ ইফালে যমুনামুখ ক্ষুদ্ৰ চিকিৎসায়ৰ এগৰাকী অস্থায়ী কৰ্মীয়ে নিজৰ চকৰি নিয়মীয়াকৰনৰ বাবে মন্ত্ৰীৰ ভৰিত ধৰি প্ৰাৰ্থনা কৰা আৰু এগৰাকী মহিলাই যমুনাগুৰিৰ মাথাউৰিটো পুনঃ নিৰ্মাণৰ ব্যৱস্থা কৰি দিবলৈ কান্দি কান্দি কোৱাক লৈ বিশেষ তাতপৰ্য্য বহন কৰিছে ৷ ইফালে যমুনামুখ সমষ্টিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত হোজাই জিলা আমছুৱে মন্ত্ৰী গৰাকীক এখন স্মাৰক পত্ৰওঁ প্ৰদান কৰে ৷ যমুনামুখৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰাৰ পাছত তেওঁ হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত উপায়ুক্তৰ কাৰ্য্যালয়ত বিভিন্ন বিভাগৰ মুৰব্বী সকলৰ লগত এখন আলোচনা সভাতো মিলিত হব ৷
প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like