নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জিত-ৰূপজ্যোতিৰ তৰল-টুলুঙা মন্তব্যত সৰৱ টাইপা

নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ বিগত সময়চোৱাত অসমৰ গগৈ উপাধিক কেন্দ্ৰ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নানা তুচ্ছ তাচ্ছিল্য কৰা বিষয়টোত সৰব হৈ পৰিছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাত মন্ত্ৰীগৰাকীৰ মন্তব্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি সৰৱ হৈ পৰিছে। বিগত সময়ছোৱাত দুটাকৈ বিধানসভা নিৰ্বাচনত উজনি অসমৰ আহোম জনগোষ্ঠীৰ ভোট লৈ চৰকাৰ গঠন কৰা বিজেপিৰ চৰকাৰখনৰ মন্ত্ৰী দাসে শিৱসাগৰত সদ্য অনুষ্ঠিত সমষ্টি পুনৰ নিৰ্ধাৰণকেন্দ্ৰিক এক বিষয়ৰ আন্দোলনৰ কাৰ্যসূচীক সমালোচনা কৰিবলৈ গৈ “পাঁচ হেজাৰ গগৈ মগৈ আহিলেও বিজেপি দল আৰু চৰকাৰক কোনো লৰচৰ কৰিব নোৱাৰিব” বুলি তুচ্ছ তাচ্ছিল্য কৰা বিষয়টোৱে উজনি অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পেলাব বুলি ৰাজকোঁৱৰে তেওঁৰ বাৰ্তাটোত উল্লেখ কৰিছে। এনে মন্তব্য আগবঢ়োৱা মন্ত্ৰী দাসক শীঘ্ৰে টাই আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছে টাইপাৰ সভাপতিগৰাকীয়ে। ইয়াৰ অন্যথাই মন্ত্ৰীগৰাকীক উজনি অসমলৈ অহাত টাইপাই বাধা প্ৰদান কৰিব বুলি ৰাজকোঁৱৰে প্ৰকাশ কৰি দাসৰ এনে বক্তব্যই অনাগত দিনত বিজেপিৰ বাবে বৃহৎ ক্ষতি যে সাধিব সেয়া নিশ্চিত বুলি বাৰ্তাটোত উল্লেখ কৰিছে। ইফালে হাজাৰ হাজাৰ বছৰৰ আগৰে পৰা আহোমসকলে পৱিত্ৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি অহা হেংদাং সন্দৰ্ভত বক্তব্য আগবঢ়াই মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হেংদাং মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণ কৰা বুলি শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়োৱাত এই বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাইপাৰ হৈ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে। বিধায়ক কুৰ্মীয়ে এনে তৰল বক্তব্য আগবঢ়াই তেওঁৰ ইতিহাসৰ জ্ঞান নথকা এগৰাকী মূৰ্খ বুলি চিনাকি দাঙি ধৰিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাইপাৰ সভাপতিগৰাকীয়ে। অনাগত দিনত বিধায়ক গৰাকীক ইতিহাস অধ্যয়ন কৰা, কিতাপ পঢ়া আৰু জ্ঞান আহৰণ কৰাৰ পাছতহে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াবলৈ টাইপাৰ সভাপতিগৰাকীয়ে আহ্বান জনাইছে। হেংদাং সন্দৰ্ভত তৰল টুলুঙা মন্তব্য কৰি বিধায়ক কুৰ্মী হাঁহিয়াতৰ পাত্ৰ হৈ পৰা বুলি ৰাজকোঁৱৰে বাৰ্তাটোত উল্লেখ কৰিছে।
You might also like