নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰী : এটকাও কাকো নিদিয়াকৈ বিনামূলীয়াকৈ ৰেচন কাৰ্ভ লাভ কৰক। ৰেচন কাৰ্ড পোৱাৰ বাবে কাকো এটকাও দিয়াৰ প্ৰয়োজন নাই৷ ৰেচন কাৰ্ড পোৱাৰ বাবে যদি কোনোবাই টকা বিচাৰে, তেনেহ’লে সেই কথা লগে লগে স্থানীয় প্ৰশাসনৰ লগতে মোক জনাওক৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আজি ১৫নং দুধনৈ জনজাতি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৬,৯৪৭গৰাকী মহিলা হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰা অনুষ্ঠানত এনেদৰে মন্তব্য কৰে অসম চৰকাৰৰ সমবায়, শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ৰেচন কাৰ্ড বিতৰণৰ লগত হিতাধিকাৰীসকলৰ সু-স্বাস্থ্যৰ কথাও জড়িত হৈ আছে ৷ ৰেচন কাৰ্ড লাভ কৰা প্ৰতিটো পৰিয়ালে ৰন্ধন গেছৰ বিনামূলীয়া সংযোগ, প্ৰধানমন্ত্ৰীৰ “আয়ুস্মান ভাৰত” আৰু মুখ্যমন্ত্ৰীৰ “আয়ুস্মান অসম” আঁচনিত প্ৰতিবছৰে পাঁচ লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰাৰ উপৰি বিভিন্ন চৰকাৰী সা-সুবিধা লাভ কৰিব ৷ পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰা অসম চৰকাৰৰ আন এক প্ৰতিশ্ৰুতি পূৰণ কৰাৰ অৰ্থে অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যৰ ৪০ লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা বুলিও কেবিনেট মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে, দিনৰ ১১ বজাত এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে আদৰণী ভাষণ প্ৰদান কৰি নতুন ৰেচন কাৰ্ড বিতৰণ সম্পৰ্কত ৰাইজক অবগত কৰে৷ জনসংখ্যাৰ ফালৰ পৰা ৪১,৯৪৫গৰাকী ব্যক্তি এই ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে। জিলা আয়ুক্তগৰাকীয়ে লগতে উল্লেখ কৰে যে অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি গোৱালপাৰা জিলাত ৪৮,১৯৪খন নতুন ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা উপস্থিত থাকি কয় যে এতিয়া মহিলাসকল আত্মনির্ভৰ হ’ল। মহিলাসকলৰ আত্মসন্মানো বাঢ়িল। সাংসদগৰাকীয়ে লগতে কয়- বিগত সময়ত বহু আঁচনি দিয়া হৈছিল। কিন্তু সেই আঁচনিসমূহ ফলপ্ৰসূ নহ’ল। কাৰণ তেতিয়া মধ্যভোগীৰ জৰিয়তেহে আঁচনিসমূহ ৰূপায়ণ কৰা হৈছিল। বিজেপিৰ দিনত আঁচনি ৰূপায়ণ কৰাত কোনো মধ্যভোগী নাই। যাৰ বাবে আঁচনিসমূহ ৰূপায়ণ কৰাত সফল হৈছে। ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই উপস্থিত থাকি কয় যে ৰাজ্যৰ ৪০ লাখতকৈ অধিক হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰিছে চৰকাৰে ৷ তাৰ ভিতৰত ১৫নং দুধনৈ জনজাতি বিধানসভা সমষ্টিত মুঠ ১৬,৯৪৭গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এয়া সম্ভৱ হৈ উঠিছে বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। আনহাতে, ৰাহুল গান্ধীৰ অসমত ন্যায় যাত্ৰা সম্পৰ্কত পৰিষদৰ চীফগৰাকীয়ে কয় যে অংকিতা দত্তক ন্যায় দিব নোৱাৰা ৰাষ্ট্ৰীয় দলটোৰ যুৱ নেতা ৰাহুল গান্ধীয়ে ৰাইজক কি ন্যায় দিব ? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে ৰাইজক ন্যায় দিছে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইহে ন্যায় দিছে, বিজেপিয়েহে ন্যায় প্ৰদান কৰিছে ৰাইজক৷ ৰাহুল গান্ধীৰ এয়া কি ন্যায় ? অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৪০ লাখ মহিলাক ৰেচন কাৰ্ড প্ৰদান কৰিছে ৷ এয়াহে প্ৰকৃত ন্যায় বুলি কয় পৰিষদৰ চীফগৰাকীয়ে। আনহাতে, আজিৰ এই অনুষ্ঠানৰ জৰিয়তে ১১গৰাকী মহিলাক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড প্ৰদান কৰি ৰেচন কাৰ্ড দিয়া প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয়। ইপিনে, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক মুকুল ৰাভাই আঁত ধৰা অনুষ্ঠানত অসম ৰাজ্যিক বিজেপিৰ সম্পাদিকা টিনামণি দৈমাৰী, গোৱালপাৰা জিলা বিজেপিৰ সভাপতি ভৃগুৰঞ্জন ৰাভা, সম্পাদক বিপুল ৰাভা, ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্য, সাধাৰণ সদস্যসকল আৰু হিতাধিকাৰীসকল উপস্থিত থাকে ৷
প্ৰেৰক বেনজিন বড়ো