নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিপিনী-হস্ততাঁত বস্ত্ৰশিল্পীৰ জলপানিসহ প্ৰশিক্ষণৰ শুভাৰম্ভ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

🎯 ভাৰ্চুৱেলী কেৰেলা, হায়দৰাবাদ, কোলহাপুৰৰ হস্তশিল্পীৰে মত বিনিময়

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জুলাইঃ দেশৰ ভিতৰতে সৰ্বাধিক তাঁতশাল-শিপিনীৰ ৰাজ্য অসম। আমাৰ স্বকীয় ঐতিহ্য-পৰম্পৰাক একবিন্দু আঘাত নকৰাকৈ আধুনিক প্ৰযুক্তিৰ সহায়ত প্ৰণালীবদ্ধ তথা বিজ্ঞানসন্মত ব্যবস্থাপনাৰ জৰিয়তে আমাৰ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প উদ্যোগক সমৃদ্ধ কৰিব লাগিব। ইয়াৰ বাবে শিপিনী আৰু হস্ত তাঁত বস্ত্ৰৰ সৈতে জড়িত শিল্পীসকলৰ প্ৰশিক্ষণৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনে উদ্দেশ্যেৰে শিপিনী আৰু হস্ত কলা শিল্পীসকলৰ বাবে জলপানিসহ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। এই অভিমত কেন্দ্ৰীয় হস্ত তাঁত আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এশ দিনৰ কাৰ্যসূচীৰ অন্যতম কেন্দ্ৰীয় হস্ত তাঁত মন্ত্ৰালয়ৰ অধীনস্থ “শিপিনী আৰু হস্তকলা শিল্পীৰ উত্থান” শীৰ্ষক দক্ষতা বিকাশৰ কাৰ্যসূচীৰ আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কেন্দ্ৰীয়ভাৱে উন্মোচন কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মাৰ্ঘেৰিটাই এই মন্তব্য কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে ৰাজ্যসভাৰ মজিয়াত লাভ কৰা এক প্ৰশ্নোত্তৰ অনুসৰি সমগ্ৰ দেশৰ ভিতৰত অসমত সৰ্বাধিক শিপিনী আৰু তাঁতশাল আছে। অনুষ্ঠানত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই হস্ততাঁত বস্ত্ৰশিল্পৰ সৈতে জড়িত শিপিনী তথা অন্যান্য শিল্পীসকলৰ কাৰিকৰী প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমগ্ৰ দেশৰ মুঠ ১০০টা গোট (ক্লাষ্টাৰ)ৰ শিপিনী আৰু হস্ততাঁত বস্ত্ৰশিল্পীৰ ১০০ দিনীয়া জলপানিসহ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মাৰ্ঘেৰিটাই ভাৰ্চুৱেলী কেৰেলা, হায়দৰাবাদ আৰু কোলহাপুৰ আদিৰ হস্তশিল্পীৰ সৈতে মত বিনিময় কৰে। অসমসহ চুবুৰীয়া একাধিক ৰাজ্যৰ শিপিনী-হস্তশিল্পীৰ অংশগ্ৰহণৰে অনুষ্ঠিত অনুষ্ঠানত হস্ততাঁত উন্নয়ন আয়ুক্ত এম ৱীনা, হস্তশিল্পৰ উন্নয়ন আয়ুক্ত অমৃত ৰাজ, অসম চৰকাৰৰ হস্ত তাঁত আৰু বস্ত্ৰ বিভাগৰ সচিব দিলীপ বৰা প্ৰমুখ্যে সংশ্লিষ্ট মন্ত্ৰালয়-বিভাগৰ সঞ্চালক সহ অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। তদুপৰি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি হস্ত তাঁত শিল্পৰ এখনি আকৰ্ষণীয় প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।

You might also like