নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান–খহনীয়া প্রতিৰোধী কাম ক্ষিপ্রতাৰে কৰাৰ নির্দেশ মন্ত্রী পীয়ূষৰ

🔹 অভিযন্তাক স্পর্শকাতৰ অঞ্চল সঠিকভাৱে নির্ণয় কৰাৰ নির্দেশ

বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল ভৱনত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্রাধিকৰণ অসম (এফআৰইএমএএ)ৰ অধীনত চলি থকা আঁচনিসমূহৰ এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে৷ উল্লেখ্য যে বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্রাধিকৰণ অসমৰ উদ্যোগত এটা প্রকল্পৰ অধীনত ডিব্রুগড়, তিনিচুকীয়া, মৰিগাঁও, কামৰূপ আৰু গোৱালপাৰাত মুঠ চাৰিটা মণ্ডলত ব্রহ্মপুত্রৰ খহনীয়া প্রতিৰোধী কাম চলি আছে৷ কালি বিভাগটোৰ অভিযন্তা আৰু ঠিকাদাৰসকলৰ পৰা এই কামবোৰৰ অগ্রগতিৰ বুজ লৈ মন্ত্রী হাজৰিকাই গুণগত মান অটুট ৰাখি কামসমূহ ক্ষিপ্রতাৰে সম্পাদন কৰিবলৈ নির্দেশ দিয়ে৷ অসমৰ এক অন্যতম প্রধান সমস্যা বান আৰু খহনীয়া সমস্যা সমাধানৰ ক্ষেত্রত গুৰুত্বসহকাৰে কাম কৰি চৰকাৰী ধনৰ যাতে অলপো অপব্যয় নহয়, তাৰ প্রতি লক্ষ্য ৰাখি কামসমূহ ভালকৈ সম্পাদন কৰিবলৈ জলসম্পদ মন্ত্রী হাজৰিকাই সংশ্লিষ্টসকলকো আহ্বান জনায়৷ আনহাতে, একেটা প্রকল্পৰ অধীনত আগন্তুক দিনত দ্বিতীয় পর্যায়ত শিৱসাগৰ, গোলাঘাট, যোৰহাট, ধেমাজি আদি জিলাত ব্রহ্মপুত্রৰ স্পর্শকাতৰ অঞ্চলসমূহত খহনীয়াৰ প্রতিৰোধী কাম কৰা হ’ব বুলি মন্ত্রী হাজৰিকাই উল্লেখ কৰি ইয়াৰ বাবে স্পর্শকাতৰ অঞ্চলসমূহ সঠিককৈ নির্ণয় কৰিবলৈ অভিযন্তাসকলক নির্দেশ দিয়ে৷ কালিৰ পর্যালোচনা বৈঠকতে মন্ত্রী হাজৰিকাই বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্রাধিকৰণ অসমৰ অধীনত চলি থকা বেঁকী আৰু বুঢ়ীদিহিং নৈৰ খহনীয়া প্রতিৰোধী কামসমূহৰো পর্যালোচনা কৰে৷ ইতিমধ্যে নৈ দুখনৰ প্রথম পর্যায়ত খহনীয়া প্রতিৰোধী কামৰ ৮০ শতাংশ কাম সম্পূর্ণ হৈছে৷ বৈঠকতে মন্ত্রী হাজৰিকাই দ্বিতীয় পর্যায়ত কৰিবলগীয়া কামসমূহৰো বিস্তৃতভাৱে বুজ লয়৷

You might also like