🔹 ওদালগুৰিত বিকাশৰ ১২ দিন
বিশেষ বাৰ্তা, ২৩ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ‘বিকাশৰ ১২ দিন’ শীৰ্ষক অভিলাষী পদক্ষেপ । ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি গৃহিণী, বানক্ৰান্তকে ধৰি লাখ লাখ হিতাধিকাৰীৰ বাবে গ্ৰহণ কৰা হৈছে এই বিশেষ কাৰ্যসূচী । বিভিন্ন আঁচনিৰ জৰিয়তে উপকৃত হৈছে ৰাজ্যৰ জনসাধাৰণ । ওদালগুৰি জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই । বিভিন্ন আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে সাহায্য, উদগনিমূলক বঁটা আদি বিতৰণ কৰে উক্ত অনুষ্ঠানত। ওদালগুৰি জিলাৰ মুঠ ৯৪৩গৰাকী শিক্ষার্থীলৈ প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটা, ৪০৪গৰাকী শিক্ষার্থীলৈ আনন্দৰাম বৰুৱা বঁটা, ৬৫৫৫গৰাকী শিক্ষার্থীলৈ বিনামূলীয়া চাইকেল প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতামূলক মনোভাব বৃদ্ধি কৰিব বুলি আশাবাদী মন্ত্ৰী পীয়ূষ হাজৰিকা । অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী শিক্ষাৰ্থীক ভৱিষ্যত জীৱনৰ বাবে শুভেচ্ছাও প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । টংলাত দুই কণমানি ভাতৃৰ সৈতে সংঘটিত মৰ্মান্তিক ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে ঘটনাৰ পুনৰাবৃত্তি যাতে নহয়, তাৰ বাবে সকলোকে আহ্বান জনায় মন্ত্ৰী পীয়ূষ হাজৰিকাই । ওদালগুৰিৰ এই কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধায়ক চৰণ বড়ো, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, বহুকেইগৰাকী কাৰ্যবাহী সদস্য, প্রাক্তন সাংসদ শান্তিউজ কুজুৰ, এমচিএলএ, জিলা আয়ুক্ত, সমাজকসেৱকসহ বহুসংখ্যক ব্যক্তি উপস্থিত থাকে।