নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্ৰৱা থানৰ আকাশীগংগা পাৰ পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ :  “বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ পাৰে পাৰে শিলেৰে সৌন্দৰ্য্যবৰ্ধন আৰু খটখটি নিৰ্মাণ তথা আকাশীগংগাৰ পাৰৰ পথটি নতুনকৈ নিৰ্মাণ কৰি তীৰ্থযাত্ৰী, পৰ্যটকৰ বাবে মুকলি কৰা হব।”- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই বটদ্ৰৱা থানত উপস্থিত হৈ এই মন্তব্য কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থানখনিক বিশ্ব পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে যোৱা ২৪ চেপ্তেম্বৰত কেইবাখনো নতুন আঁচনি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুযায়ী বটদ্ৰৱা থানৰ ঐতিহাসিক পৱিত্ৰ আকাশীগংগাৰ পাৰটি সুন্দৰকৈ নিৰ্মাণ কৰি ন-ৰূপ দি তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ’ব। সেই উপলক্ষে সোমবাৰে বটদ্ৰৱা থানত উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা। মন্ত্ৰীগৰাকী উপস্থিত হৈ অহা ১ জানুৱাৰীৰ পৰা আকাশীগংগাৰ পাৰৰ চাৰিওকাষে নিৰ্মাণ কৰিবলগীয়া সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ ঘোষণা কৰে। লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলক নিৰ্দেশনাও প্ৰদান কৰে। কিংবদন্তি অনুসৰি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বটদ্ৰৱাত সেই সময়ত খোৱাপানীৰ অভাৱ হোৱাত ধ্যানৰ বলত বৰ্তমানৰ ঐতিহাসিক আকাশীগংগা নমাই আনি পানীৰ অভাৱ পূৰণ কৰিছিল। কিন্তু সেই পৱিত্ৰ আকাশীগংগা সম্প্ৰতি গৰাখহনীয়াৰ কবলত৷ চাৰিওপিনে গৰা খহি খহি পাৰৰ গছ-গছনিবোৰ বাগৰি জৰাজীৰ্ণ ৰূপ লৈছে ৷ এই সমস্যাৰ সমাধানৰ উদ্দেশ্যেই মন্ত্ৰী পীয়ূষ হাজৰিকা বটদ্ৰৱাত উপস্থিত হয় ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই উপস্থিত হৈ প্ৰথমে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত সেৱা লয়। মন্ত্ৰীগৰাকীৰ বটদ্ৰৱা থান পৰিদৰ্শনকালত বিধায়ক ৰূপক শৰ্মা, শশীকান্ত দাস, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰুহিণী বৰা আৰু বিজেপিৰ নেতা-কর্মীৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত কলিতা, সম্পাদক অৰূপ কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিষয়ববীয়াই সংগ প্ৰদান কৰে। থান পৰ্যটন নিবাসত পৰিচালনা সমিতিৰ লগত এক আলোচনাত মিলিত হয়। পিছত মন্ত্ৰীগৰাকীয়ে থানত সেৱাৰ বাবে অহা তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে দুটি শৌচালয় নিজাববীয়াকৈ দান কৰি  কাইলৈৰ পৰা কাম আৰম্ভ কৰিবলৈ কৰ্মচাৰীক নিৰ্দেশ দিয়ে।
প্ৰেৰক কন্দৰ্প কুমাৰ কলিতা
You might also like