বাৰ্তা বুৰো, ২৪ ছেপ্টেম্বৰঃ মৰিগাঁৱৰ আঁহতগুৰি অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজৰ প্ৰতীক্ষাৰ অন্ত পেলাই আজি আঁহতগুৰি শ্রীশ্রীশংকৰগুৰু কীৰ্তনঘৰ আৰু নাট ঘৰ সমিতি আৰু গুৰু কীৰ্তন ঘৰৰ মুখ্য পৃষ্ঠপোষক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ তদাৰকত নিৰ্মিত এই অনুষ্ঠানৰ শুভ উন্মোচন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। উল্লেখ্য যথেষ্ট অত্যাধুনিকভাবে সকলো সা সুবিধাযুক্তভাবে নিৰ্মাণ কৰা এই নাটঘৰত আচায ফণী দাস সোঁৱৰণী মঞ্চৰ শুভ উদ্বোধন হয়। উন্মোচনী ভাষণ প্ৰদান কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে প্ৰতিজন ব্যক্তিৰে নিজ গাঁওখনৰ প্ৰতি দায়িত্ব পালন কৰিব লাগে যাতে গাঁওখন আগবাঢ়ি যায়। আমি প্ৰতিজনে নিজ গাঁওখনৰ প্ৰতি পালন কৰিবলগীয়া দায়িত্ব মই মাথোঁ পালন কৰিছে আৰু আগলৈ কৰি যাম। অনুষ্ঠানত মৰিগাঁৱৰ আয়ুক্ত দেৱাশীষ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, গুৱাহাটী মেট্ৰোৰ উন্নয়ন আয়ুক্ত গৌৰী শংকৰ দাস প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল দাস