নিয়মীয়া বাৰ্তা, ২৬ছেপ্টেম্বৰঃ টীয়ক তথা সম্প্ৰতি মৰিয়নি সমষ্টিৰ অন্তৰ্গত জাঁজী নদীৰ তীব্ৰ গৰাখহনীয়া আৰু জৰাজীৰ্ণ মথাউৰি পৰিদশনৰ বাবে আজি মন্ত্ৰী পীয়ুষ হাজৰিকাই বিভিন্ন স্থানৰ কেইবাটাও অংশ পৰিদৰ্শন কৰে। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে যোৰহাট জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰাসহ বিষয়া কৰ্মচাৰী লগত ৩৭নং ৰাষ্ট্ৰীয় পথ জাঁজীৰ পৰা ইয়াৰ নদীখনৰ গতিপথৰ হাতীমুৰীয়া, শেনচোৱা, বৰাগাঁও, ধেমাজী গাঁও, গায়েন গাঁও, বনাই, জেলেঙীটুপ আদি ঠাইসমুহ খহনীয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি এক হ্ৰস্বম্যাদী আঁচনিৰে প্ৰাায় দুই তিনি মাহৰ ভিতৰতে নিৰ্মান সম্পূৰ্ণ কৰিব বুলি উল্লেখ কৰে।স্থানীয় ৰাইজৰ উপস্থিতিত মিলন জ্যোতি কলা কৃষ্টি কেন্দ্ৰত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আদৰণি ভাষনেৰে অনুষ্ঠিত সভাত স্বাধীনতাৰ ৭৫ বছৰতো উন্নয়নৰ মুখ নেদেখা অঞ্চলটোত অচিৰেই লোক নিৰ্মান বিভাগৰ দ্বাৰা প্ৰায় ২৪কিঃমিঃপথ ৰেণুপমা ৰাজখোৱাৰ প্ৰতিনিধি বিকাশ শইকীয়া, যোৰহাট জিলাৰ বিজেপিৰ সভাপতি হেমন্ত কলিতা, সম্পাদক অমৰ জ্যোতি শইকীয়া, যুৱমৰ্চাৰ ত্ৰিদিপ মৰানে মন্ত্ৰীগৰাকীক সংগ দিয়ে।
প্ৰেৰক গোকুল বৰা