নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত জৰাসৰ নৈত খনন কাৰ্য পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ১৫ জুন : শোণিতপুৰৰ বালিপৰাত আজি উপস্থিত হৈ বালিপৰাৰ জৰাসৰ নৈত অব্যাহত থকা বৈজ্ঞানিক পদ্ধতিৰ খনন ব্যৱস্থা পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই । পৰিদৰ্শন কালত তেওঁক সংগ দিয়ে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, উদমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেখা বৰুৱা সেন ডেকা, বালিপৰা যুৱ মৰ্চাৰ সভাপতি অপূৰ্ব হাজৰিকাৰ লগতে দলীয় কাৰ্যকৰ্তা, জলসম্পদ বিভাগৰ অভিযন্তা-বিষয়া, প্ৰশাসনৰ বিষয়া আৰু ৰাইজে । উল্লেখ্যে যে জৰাসৰ নৈয়ে বালিপৰাৰ বিভিন্ন অঞ্চলত বান, গৰাখহনীয়াৰ সৃষ্টি কৰি অঞ্চলবাসী ৰাইজৰ বিলাই-বিপত্তি নোহোৱা কৰি আহিছে । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পৃষ্ঠপোষকতাত আৰু ৰঙাপৰাৰ বিধায়কৰ সহযোগিতাত ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই নৈখনত বৈজ্ঞানিক ব্যৱস্থাপনাৰে তথা অত্যাধুনিক খনন মেচিনেৰে নৈখন খনন কৰি দুয়োপাৰ ওখ কৰাৰ প্ৰক্ৰিয়া বৰ্তমানো অব্যাহত আছে । ইতিমধ্যে ড্ৰেজাৰৰৰ সহায়ত নৈখনৰ ৭.৫ কিলোমিটাৰ খনন কৰি এটা বিশেষ গতিত নৈখন বোৱাবলৈ দিনে-নিশাই খনন কৰি আছে । এই প্ৰকল্পৰ যোগেদি এইবেলি বাৰিষাৰ সময়ত বালিপৰীয়া ৰাইজে বানৰ পৰা সকাহ পাব বুলি আশা কৰা হৈছে । অঞ্চলবাসী ৰাইজে এই খননকাৰ্যত সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like