নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানত ক্ষতিগ্ৰস্ত বৰাক উপত্যকাৰ ৭টা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জুলাই : মন্ত্ৰী পীযুষ হাজৰীকাই বৰাক উপত্যকা ভ্ৰমণ কৰি কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বানত ছিগা আৰু ক্ষতিগ্ৰস্ত হোৱা সাতটা মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ বিভাগৰ অধীনত চলি থকা জৰুৰীকালীন মেৰামতিৰ কামৰ প্ৰত্যক্ষ বুজ লয়। প্ৰথমতে মন্ত্ৰী হাজৰীকাই কাছাৰ জিলাৰ ঘাগ্ৰাপাৰ-ছালছাপাৰ অঞ্চলত উপস্থিত হৈ বিগত বানত ক্ষতিগ্ৰস্ত হোৱা বৰাক নদীৰ মথাউৰিৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰে। বিগত সময়ত বৰাকৰ বাঢ়নী পানীয়ে খহাই নিয়া মথাউৰিটোৰ মেৰামতিৰ কাম পূৰ্ণগতিত চলি আছে। আজি এই স্থানত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে অত্যাধুনিক প্ৰযুক্তিৰে ২৫ মিটাৰ দৈৰ্ঘ্যৰ জিঅ’ টিউবৰ সহায়ত ছিগা মথাউৰিৰ অংশটো শক্তিশালীকৈ মেৰামতি কৰিবলৈ যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে পাছত হাইলাকান্দি জিলাৰ টছলা, ৱেইংখেইলেইখেই আৰু গুলেৰপাৰত কটাখাল নৈৰ বাঢ়নী পানীয়ে ছিঙি নিয়া মথাউৰিৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰে। টছলাত জলসম্পদ বিভাগে জিঅ’ মেগা বেগ ব্যৱহাৰ কৰি ছিগা অংশৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিছে। আজি দ্বিতীয়বাৰৰ বাবে এই স্থান পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰীগৰাকীয়ে মুখ্য অভিযন্তাক জিঅ’ টিউবৰ ব্যৱহাৰ কৰি মথাউৰিটো আৰু অধিক সুৰক্ষিত কৰাবলৈ নিৰ্দেশ দিয়ে। লগতে ইয়াৰ দাঁতিকাষৰীয়া স্পৰ্শকাতৰ এলেকাসমূহতো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। আনহাতে কটাখাল নৈয়ে ৱেইংখেইলেইখেইত ছিগি নিয়া ৫০ মিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটোৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰি এই স্থানতো জিঅ’ টিউব স্থাপন কৰিবলৈ মুখ্য অভিযন্তাক জলসম্পদ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। জিলাখনৰ গাগলচেৰাৰ পৰা নতুন বজাৰলৈ থকা কটাখাল নৈৰ বাঁও দিশৰ মথাউৰিটোও জলসম্পদ মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে। মথাউৰিটো গুলেৰপাৰ গাঁৱত বাঢ়নী পানীত ২০ মিটাৰ অংশ ছিগি গৈছিল। ইতিমধ্যে জলসম্পদ বিভাগে এই ছিগা অংশৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰি তুলিছে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ জিলাৰো তিনিটা স্থানত মথাউৰি মেৰামতিৰ জৰুৰীকালীন কামসমূহৰ প্ৰত্যক্ষ বুজ লয়। জিলাখনৰ পাঠীয়ালা কাফনাৰপাৰ, দক্ষিণ বিলবাৰি আৰু ইচাগঞ্জত ছিংলা আৰু লংগাই নদীয়ে ক্ষতি কৰা মথাউৰিৰ জৰুৰীকালীন মেৰামতিৰ কামসমূহৰ প্ৰত্যক্ষ বুজ লয়। ইতিমধ্যেই ছিগা অংশ মেৰামতি কৰিবলৈ সক্ষম হোৱা এই স্থানসমূহত খহনীয়া প্ৰতিৰোধৰ বাবে শক্তিশালী ব্যৱস্থা ল’বলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে ।

You might also like