হোজাইত মহিলাক মাইক্ৰ’ফাইনেঞ্চৰ ঋণমুক্ত প্ৰমাণপত্ৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ হোজাই জিলাত ৰূপায়িত হৈছে অসম চৰকাৰৰ বিশেষ অভিযান ‘বিকাশৰ ১২ দিন’ৰ দ্বিতীয়টো দিন। দ্বিতীয় দিনা, জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত আয়োজিত এক সভাত, জলসম্পদ ইত্যাদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই জিলাখনৰ ৩৯৯২গৰাকী ঋণীক বিতৰণ কৰে মাইক্ৰফাইনেঞ্চ উদ্গনি আৰু সকাহ আঁচনিৰ ঋণ মুক্ত প্ৰমাণপত্ৰ। মন্ত্ৰীগৰাকীয়ে, জিলাখনৰ ১৭৭গৰাকী আত্মসহায়ক গোটৰ সদস্যকো প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আধুনিককৰণ আঁচনি অধীনত প্ৰাৰম্ভিক মূলধনৰ চেক বিতৰণ কৰে। আনহাতে দুৰ্যোগত ক্ষতিগ্ৰস্ত ১৬৫৫গৰাকী পৰিয়ালৰ লোকৰ হাতত আৰ্থিক সাহায্যৰ চেক প্ৰদান কাৰ্যৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে। ভাষন প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে জনতাৰ হকে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহৰ বিষয়ে অৱগত কৰি ভৱিষ্যতেও ৰাইজৰ উন্নয়ণৰ হকে কাম কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত আছিল লামডিং আৰু হোজাই সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে শিবু মিশ্ৰ আৰু ৰামকৃষ্ণ ঘোষ, জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, কাজিৰঙা সংসদীয় সমষ্টিৰ বিধায়ক কামাখ্যা প্ৰসাদ তাছা,আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা, জিলা বিজেপিৰ সভাপতি অনুপ দেৱ, অসম সংখ্যালঘু উন্নয়ণ বৰ্ডৰ অধ্যক্ষ মহম্মদ হাবিব চৌধুৰী আদি। হোজাই জিলা সদৰৰ কাছাৰী ময়দানত অনুষ্ঠিত বিকাশৰ ১২ দিন শীৰ্ষক অভিযানৰ দ্বিতীয়টো দিনৰ সমূহ কাৰ্যসূচীৰ সাক্ষী হৈ ৰয় প্ৰতিটো চৰকাৰী বিভাগৰ মূৰৱী বিষয়াৰ লগতে জিলাখনৰ সহস্ৰাধিক লোক।