নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ কংগ্রেছৰ ভাৰত জোড়ো ন্যায় যাত্রাৰ সমান্তৰালে গুৱাহাটীত বিজেপিয়ে চলালে স্বচ্ছ ভাৰত অভিযান৷ হাতত ঝাড়ু লৈ মন্ত্রী-বিধায়কে কৰিলে ৰাজপথ পৰিষ্কাৰ৷ মন্ত্রী পীয়ূষ হাজৰিকাৰ উদ্যোগত মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা ৰাজ্যিক সংগ্রহালয়ৰ সমুখৰ পথছোৱাত প্রায় ১৫ সহস্রাধিক বিজেপি কর্মীয়ে চাফাই অভিযানত অংশ লয়৷ এই সন্দর্ভত মন্ত্রী হাজৰিকাই প্রকাশ কৰা মতে, গণৰাজ্য দিৱসৰ প্রাক্ক্ষণত এনেদৰে চাফাই অভিযান চলোৱাটো দলৰ পূর্বৰ কার্যসূচী৷ গণৰাজ্য দিৱস যাতে যথেষ্ট পৰিষ্কাৰ পৰিৱেশত অনুষ্ঠিত হয়, সেই লক্ষ্যৰে এই চাফাই অভিযান চালোৱা হৈছে৷ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই এসপ্তাহ পূর্বেই সামাজিক মাধ্যমযোগে দলৰ এই কার্যসূচীৰ কথা ঘোষণা কৰিছিল৷ কংগ্রেছৰ ভাৰত জোড়ো ন্যায় যাত্রাই গুৱাহাটীত প্রৱেশ কৰাৰ প্রাক্ক্ষণত এনেদৰে খানাপাৰাত বিজেপিয়ে আৰম্ভ কৰা অভিযানক লৈ সৃষ্টি হোৱা প্রতিক্রিয়াৰ প্রসংগতো মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে কোনে কি কার্যসূচী লৈছে সেয়া আমাৰ লক্ষ্য নহয়, পূর্বনির্ধাৰিত কার্যসূচী অনুসৰি আজি বিজেপিৰ কর্মীসকলে খানাপাৰা খেলপথাৰৰ পৰা জয়ানগৰ চাৰিআলিলৈ পৰিষ্কাৰ কার্যসূচী হাতত লয়৷ যাতে গণৰাজ্য দিৱসত অংশ ল’বলৈ অহা লোকসকলে এটা পৰিষ্কাৰ–পৰিচ্ছন্ন পৰিৱেশ দেখা পায়৷ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ পিছতেই এটা ভাল কাম কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ৷ উল্লেখ্য যে আজি বিজেপি কর্মীসকলৰ স্বচ্ছ অভিযানত মেয়ৰ মৃগেন শৰণীয়া, বিধায়ক দিগন্ত কলিতাৰ লগতে আন কেইবাজনো বিজেপি নেতাই এই স্বচ্ছ অভিযানত অংশ লয়৷