নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জত বানত ক্ষতিগ্ৰস্তৰ আশ্ৰয় শিবিৰত মন্ত্ৰী পীয়ূষ হাজৰিকা

🔹 বান পৰিস্থিতিৰ বুজ ল’লে জলসম্পদ মন্ত্ৰীয়ে

🔹 জিলা আয়ুক্ত কাৰ্যালয়ত পৰ্যালোচনা বৈঠক

বিশেষ বাৰ্তা, ২৩ জুন : ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা কৰিমগঞ্জ জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকাই বান পৰিস্থিতিৰ বুজ ল’বলৈ কৰিমগঞ্জ জিলাত আজি উপস্থিত হয় । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ শ্ৰীগৌৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত হোৱা খহনীয়াৰ বুজ লৈ স্থানীয় ৰাইজক এইবাৰ প্ৰায় ৫০০ মিটাৰ দৈৰ্ঘ্যত স্থায়ী প্ৰতিৰোধৰ কাম কৰা হ’ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ নগৰৰ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নগেন্দ্ৰ নাথ তিলকচান্দ এম ভি স্কুলত আশ্ৰয় লৈ থকা বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱাৰ লগতে মত বিনিময় কৰে । লংগাই আৰু কুশিয়াৰা নৈৰ বানত আক্ৰান্ত হৈ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৬৪৯গৰাকী আৰু নগেন্দ্ৰ নাথ তিলকচান্দ এম ভি স্কুলত ৫১৭গৰাকী লোকে আশ্ৰয় লৈ আছে। উক্ত আশ্ৰয় শিবিৰত উপস্থিত হৈ ৰাইজৰ দুখ-দুৰ্দশা, অভাৱ-সমস্যাৰ বুজ লোৱাৰ লগতে তেওঁলোকে জিলা প্ৰশাসনৰ পৰা সহায়, সুবিধা, ৰেচন আদি পৰ্যাপ্ত পৰিমাণে পাইছে নে নাই, সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে খবৰ লয় ।

আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত লোকসকলে যাতে থকাৰ লগতে খাদ্য, স্বাস্থ্যজনিত সকলো দিশতে পৰ্যাপ্ত পৰিমাণে সুবিধা লাভ কৰে, সেই কথা নিশ্চিত কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে । ৰাইজৰ এই দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰে সকলো প্ৰকাৰে সহায় কৰিবলৈ প্ৰস্তুত আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আবেলি মন্ত্ৰী হাজৰিকাই কৰিমগঞ্জ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিধায়কসকলৰ উপস্থিতিত জিলাখনৰ বিভাগীয় প্ৰধানসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয় । জলসম্পদ বিভাগৰ পৰা মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ জিলাৰ বান নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিব লগা ব্যৱস্থাসমূহৰ বিষয়ে বিস্তৃতভাৱে বুজ লয় । অহাবাৰ জিলাখনৰ ১৫ৰ পৰা ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উন্মুক্ত অংশত মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কৃষি, স্বাস্থ্য, পঞ্চায়ত আদি বিভাগৰো পৰ্যালোচনা কৰি সকলোকে সাধাৰণ জনতাৰ কল্যাণ তথা দেশৰ উন্নয়নৰ বাবে আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনায় ।

You might also like