নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত ৰোগাক্ৰান্ত সাংবাদিকৰ কাষত মন্ত্ৰী পীয়ূষ হাজৰিকা

🔹 চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান

বিশেষ বাৰ্তা, ৩০ জুন : অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি গোলাঘাট জিলা ভ্ৰমণৰ সময়ত কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ থকা জিলাখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ গৃহলৈ গৈ সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ৰাজ্য চৰকাৰৰ হৈ আৰ্থিক সাহায্য প্ৰদান কৰে। জ্যেষ্ঠ মন্ত্ৰী অজন্তা নেওগৰ সৈতে সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে জনসংযোগ বিভাগৰ সাংবাদিকৰ চিকিৎসা কল্যাণ নিধিৰ তৰফৰ পৰা ১ লাখ টকাৰ চেক আৰু মুখ্যমন্ত্ৰীৰ হৈ আন এক লাখ টকা, মুঠ দুই লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ।জনসংযোগ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে ।

You might also like