নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বদৰুদ্দিনে খোৱা মাংস সকলোকে খাবলৈ কোৱা সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ তীব্ৰ প্ৰতিক্ৰিয়া

বিশেষ বাৰ্তা, ১৪ জুলাই : বদৰুদ্দিন আজমলে যি মাংস খায়, সেয়া সকলোকে খাবলৈ কোৱা সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়- যদি আজমলে এনেকুৱা কথা কৈছে, তেন্তে বহুত ডাঙৰ কথা কৈছে। তেওঁলোকে যদি আমি খোৱা মাংসৰ কথা কৈছে সেইটো বেলেগ কথা। মানুহে নোখোৱা মাংসতো আমি নাখাওঁ। তেওঁলোকে খোৱা মাংসতো সকলোৱে খোৱা মাংস নহয়। মন্ত্ৰীগৰাকীয়ে আৰু কয়- তেওঁলোকে সদায় এটা কথা কয়। কংগ্ৰেছেও কয়, এআইইউডিএফেও কয়, কমিউনিষ্টসকলেও কয়। তেওঁলোকে সংবিধানৰ কথা কয়। আমি যেতিয়া কিবা এটা কৈ দিওঁ, তেওঁলোকে তেতিয়া কয় যে সংবিধানত এইটো নাই। সংবিধানত লিখা আছে যে গো হত্যা বন্ধ হ’ব লাগে। তেন্তে সংবিধানৰ পৰিপন্থী এই কথাবিলাক কোনে কয় বুলি মন্ত্ৰী হাজৰিকাই প্ৰশ্ন কৰে। মন্ত্ৰীগৰাকীয়ে আকৌ কয়- যদি গৰু মাংসৰ কথা কৈছে, মোৰ তীব্ৰ প্ৰতিবাদ আছে। ইয়াক লৈ ডাঙৰ ঘটনা হ’ব পাৰে। আমি খোৱাখিনি যদি তেওঁলোকে খায় আপত্তি নাই, তেওঁলোকে যদি ছাগলী খায়, মুৰ্গী খায়, গাহৰি মাংস খায় ঠিক আছে, তেওঁ যদি উল্টা-পুল্টা কথা কৈছে, আমি কিন্তু মানি নলওঁ। মই আকৌ কৈছোঁ- তেওঁলোকে যদি মুৰ্গী খায়, আমাৰ ক’ব লগা নাই, যদি গাহৰি খায় আমাৰ ক’ব লগা নাই, যদি ছাগলী খায়- আমি যিবোৰ খাওঁ, সেয়া খায়- আমাৰ ক’ব লগা নাই। কিন্তু আমি নোখোৱা মাংসৰ কথা যদি কৈছে, তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। তদুপৰি মন্ত্ৰী হাজৰিকাই কয়- আমি খোৱাখিনি যদি তেওঁ খায়, তাত আমাৰ আপত্তি নাই, কিন্তু যদি বেলেগ কথা কৈছে, সংবিধানত নথকা কথা কৈছে, তেতিয়াহ’লে কথা বেয়া হ’ব। এইবিলাক কথা নক’বলৈ বদৰুদ্দিন আজমলক মন্ত্ৰী হাজৰিকাই সকীয়াই দি কয় যে সংবিধানত যিটো বস্তু মানা কৰা আছে, সেইবিধ বস্তু বা মাংসৰ কথা যদি কৈছে, তেতিয়াহ’লেতো আইনী ব্যৱস্থা ল’বই লাগিব। নিৰ্বাচন অহাৰ আগে আগে বদৰুদ্দিন আজমলে এনেধৰণৰ কিছুমান আবোল-তাবোল কথা কয় বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয়- এনেতো আজমল বিদেশত ঘূৰি ফুৰে, মুম্বাইত থাকে। অসমততো নাথাকেই, ডুবাইত থাকে, ইলেকচনৰ সময়তহে আহি তেওঁৰ বৰপেটা, ধুবুৰীৰ কথা মনত পৰে আৰু আবোল-তাবোল কথা কয়। আবোল-তাবোক কথা নক’বলৈ মই আজমলক আহ্বান জনাইছোঁ, সকীয়াই দিছোঁ বুলি মন্ত্ৰী হাজৰিকাই সাংবাদিকৰ আগত প্ৰকাশ কৰে।

You might also like